যাকোব 4:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বিধান দিওঁতা আৰু বিচাৰকৰ্তা এজন মাথোন আছে, তেৱেঁই হৈছে ঈশ্বৰ৷ তেওঁ পৰিত্ৰাণ কৰিবলৈ আৰু বিনষ্ট কৰিবলৈকো সমৰ্থ৷ কিন্তু চুবুৰীয়াৰ সোধ-বিচাৰ কৰা যি তুমি, তুমি নো কোন? |
কিয়নো যিহোৱা আমাৰ বিচাৰকৰ্ত্তা, আমাৰ ব্যৱস্থাপক, আৰু আমাৰ ৰজা; তেৱেঁই আমাক পৰিত্ৰাণ কৰিব।
যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা।
কিন্তু কোন জনক ভয় কৰিব লাগে সেই বিষয়ে মই তোমালোকক জনাওঁ৷ ভয় সেই জনক কৰিবা, যি জনৰ বধ কৰাৰ পাছত নৰকতো পেলাবৰ ক্ষমতা আছে৷ হয়, মই তোমালোকক কওঁ; তেওঁলৈকে ভয় কৰা।
এই কাৰণে আমি কেতিয়াও পৰস্পৰৰ সোধ-বিচাৰ নকৰিম; কিন্তু ইয়াৰ পৰিৱর্তে আপোনালোকে এই বিচাৰ কৰক, কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান্দ পাতি নাৰাখে।
অাপুনি লোকৰ দাসৰ যে বিচাৰ কৰিছে, অাপুনি নো কোন? তেওঁ নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে; কিন্তু তেওঁক থিৰ কৰা যাব; কিয়নো প্ৰভুৱে তেওঁক থিৰ কৰিব পাৰে।
হে লোকৰ সোধ-বিচাৰ কৰা মানুহ, এই কাৰণে অাপোনালোকক ক্ষমা কৰা নহব, কিয়নো যি কথাত আপোনালোকে লোকৰ সোধ-বিচাৰ কৰে, সেই কথাতে নিজক দোষী কৰি আছে; কাৰণ লোকৰ বিচাৰ কৰা যি আপোনালোক, আপোনালোকে নিজেও সেই একে আচৰণ কৰি আছে।
হে অবাধ্য লোক, ঈশ্বৰক প্ৰত্যুত্তৰ কৰা তুমি নো কোন? নিৰ্ম্মিত বস্তুৱে, “তুমি মোক এনেকুৱা কিয় কৰিলা” বুলি নিৰ্ম্মাণকৰ্ত্তাক ক’ব নে?
সেয়েহে যি সকলে যীচুৰ মাধ্যমেদি ঈশ্বৰৰ কাষ চাপে, তেওঁলোকক যীচুৱে সম্পূর্ণকৈ উদ্ধাৰ কৰিব পাৰে; কাৰণ তেওঁলোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰিবলৈ যীচু সদায় জীয়াই আছে।
হে ভাইসকল, আপোনালোকৰ যাতে সোধ-বিচাৰ নহ’ব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ নকৰিব। চাওক, বিচাৰকৰ্তা দুৱাৰ-মুখতে থিয় হৈ আছে।
নাবলে উত্তৰ দি দায়ূদৰ দাসবোৰক ক’লে, “দায়ুদ কোন? আৰু যিচয়ৰ পুত্ৰ কোন? আজি-কালি নিজ মালিকৰ পৰা আঁতৰি যোৱা এনে বহুত দাস আছে।