তেতিয়া অবীমেলকে অব্ৰাহামক মাতি আনি ক’লে, “আপুনি আমাৰ লগত এইটো কি কাম কৰিলে? মইনো আপোনাৰ বিৰুদ্ধে কি দোষ কৰিলোঁ যে আপুনি মোক আৰু মোৰ ৰাজ্যক ইমান ডাঙৰ এক মহাপাপত পেলালে। মোলৈ এই ধৰণৰ ব্যৱহাৰ কৰা আপোনাৰ মুঠেই উচিত হোৱা নাই।”
যাকোব 3:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 একে মুখৰ পৰাই আশীৰ্বাদ আৰু অভিশাপৰ কথা ওলায়। হে মোৰ ভাই সকল, এনে হোৱা উচিত নহয়। |
তেতিয়া অবীমেলকে অব্ৰাহামক মাতি আনি ক’লে, “আপুনি আমাৰ লগত এইটো কি কাম কৰিলে? মইনো আপোনাৰ বিৰুদ্ধে কি দোষ কৰিলোঁ যে আপুনি মোক আৰু মোৰ ৰাজ্যক ইমান ডাঙৰ এক মহাপাপত পেলালে। মোলৈ এই ধৰণৰ ব্যৱহাৰ কৰা আপোনাৰ মুঠেই উচিত হোৱা নাই।”
তাতে তাই উত্তৰ দি ক’লে, “নহয়, নহয়, মোৰ ককাই, মোক বলাৎকাৰ নকৰিবা কিয়নো ইস্ৰায়েলৰ মাজত এনে কৰ্ম কৰা অযুগুত৷ তুমি এনে মুৰ্খৰ কৰ্ম নকৰিবা!
তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে, তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা, “যিহোৱা আমাৰ লগত নাই নে? কোনো আপদ আমালৈ নাহিব;
কাৰণ আপোনালোক এতিয়াও মাংসিক হৈ আছে। কিয়নো আপোনালোকৰ মাজত ঈৰ্ষা আৰু বিবাদ থকাত আপোনালোক জানো মাংসিক নহয়? মানুহৰ দৰেই আচাৰ-ব্যৱহাৰ নকৰে নে?
ইয়াৰ উপৰি তেওঁলোকে ঘৰে ঘৰে ঘূৰি ফুৰি অকর্মন্য হৈ পৰে আৰু মাত্ৰ অকৰ্মন্যই নহয়, পৰচৰ্চা আৰু লোকৰ কামত হস্তক্ষেপ কৰি, অনৰ্থক কথাবোৰ কবলৈ শিকে, এইবোৰ তেওঁলোকে কৰা উচিত নহয়।
হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,
হে মোৰ ভাইসকল, আপোনালোকৰ মাজত অনেক লোকে শিক্ষক হ’বলৈ চেষ্টা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকে জানে যে আমাৰ দৃঢ়ৰূপে অধিক সোধ-বিচাৰ হ’ব।
তাৰ দ্বাৰাই আমি আমাৰ পিতৃ প্ৰভুৰ প্রশংসা কৰোঁ; আৰু তাৰেই ঈশ্বৰৰ সদৃশ্যেৰে হোৱা লোক সকলক অভিশাপ দিওঁ।
অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।