অহঙ্কাৰে কেৱল বিবাদ জন্মায়; কিন্তু যিসকলে সুপৰামৰ্শ শুনে, তেওঁলোকৰ লগত প্রজ্ঞা থাকে।
মাৰ্ক 9:35 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাতে তেওঁ বহিল, আৰু বাৰ জন পাঁচনিক মাতি ক’লে, কোনোৱে যদি প্ৰথম হ’বলৈ ইচ্ছা কৰে, তেওঁ সকলোৰে শেষ আৰু সকলোৰে পৰিচাৰক হ’ব। |
অহঙ্কাৰে কেৱল বিবাদ জন্মায়; কিন্তু যিসকলে সুপৰামৰ্শ শুনে, তেওঁলোকৰ লগত প্রজ্ঞা থাকে।
তেন্তে তুমি নিজৰ বাবে মহত্ব বিচাৰিছা নে? সেইবোৰ নিবিচাৰিবা; কিয়নো, যিহোৱাই কৈছে, মই সকলো মৰ্ত্ত্যলৈ অমঙ্গল ঘটাম; কিন্তু তুমি যি যি ঠাইলৈ যাবা, সেই সেই ঠাইত মই তোমাক লুটদ্ৰব্যস্বৰূপে তোমাৰ প্ৰাণ দান কৰিম’।”
মই তোমালোকক কওঁ, সেই ব্যক্তি জন ধাৰ্মিক বুলি প্ৰমাণিত নহব, কিন্তু এই জনহে প্ৰমাণিত হৈ নিজৰ ঘৰলৈ গ’ল; কিয়নো যি কোনোৱে নিজকে নিজে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; কিন্তু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।”
কিন্তু তোমালোক তেনেকুৱা নহবা৷ তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ সৰু এজনৰ নিচিনা হওক; আৰু যি জন প্ৰধান, তেওঁ পৰিচাৰকৰ নিচিনা হওক।
কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয়, “ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।”