ঘৰ নির্মাণকাৰীসকলে যি শিলক অগ্ৰাহ্য কৰিলে, সেয়ে সকলোতকৈ দৰকাৰী চুকৰ প্ৰধান শিল হৈ উঠিল।
মাৰ্ক 8:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে যে, মানুহৰ পুত্রই বহু কষ্ট ভোগ কৰিব লাগিব, তেওঁ পৰিচাৰক সকলৰ দ্বাৰা অগ্ৰাহ্য হ’ব আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক বধ কৰিব; তাতে তিনি দিনৰ দিনা পুনৰাই জীয়াই উঠিব লাগিব। |
ঘৰ নির্মাণকাৰীসকলে যি শিলক অগ্ৰাহ্য কৰিলে, সেয়ে সকলোতকৈ দৰকাৰী চুকৰ প্ৰধান শিল হৈ উঠিল।
তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰাই প্রত্যাকখাণ কৰা; শোকাতুৰ আৰু যাতনা পৰিচিত ব্যক্তি। যাৰ পৰা মানুহে মুখ লুকাই ৰাখে, তেওঁ তাৰ দৰে; তেওঁক তুচ্ছ জ্ঞান কৰা হল, আৰু আমি তেওঁক বিশেষত্বহীন বুলি বিবেচনা কৰিলোঁ।
দুদিনৰ পাছত তেঁৱেই পুনৰায় আমাক জীৱন দিব; তৃতীয় দিনা তেওঁ আমাক তুলিব, যাতে আমি তেওঁৰ সন্মুখত জীয়াই থাকিব পাৰোঁ।
আনফালে যোনাক গিলি থবৰ কাৰণে যিহোৱাই এটা ডাঙৰ মাছ নিৰূপণ কৰি থৈছিল আৰু সেই মাছৰ পেটত যোনা তিনিদিন তিনিৰাতি থাকিল।
যোনা যেনেকৈ তিনি দিন তিনি ৰাতি ডাঙৰ মাছৰ পেটৰ ভিতৰত আছিল, তেনেকৈ মানুহৰ পুত্ৰও তিনি দিন তিনি ৰাতি মাটিৰ তলত থাকিব।
যীচুৱে তেওঁলোকক ক’লে, “এই শাস্ত্ৰীয় বচন আপোনালোকে পঢ়া নাই নে, ‘ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল; এয়ে প্ৰভুৰ পৰা হ’ল, আৰু আমাৰ দেখাত আচৰিত’?
“হে মহাশয়, এই প্ৰবঞ্চকে জীয়াই থাকোঁতে কৈছিল, ‘তিন দিনৰ মুৰত মই পুনৰাই উঠিম’, এতিয়া এই কথা আমাৰ মনত পৰিছে।
এই ধৰ্মশাস্ত্ৰৰ বচন তোমালোকে পঢ়া নাই নে? ‘ঘৰ-সজোতা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল’;
আৰু তেওঁ তেওঁলোকক ক’লে, “মোচিৰ বিধানত, ভাববাদী সকলৰ বিধান-শাস্ত্ৰত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, সেই সকলো সিদ্ধ হ’ব লাগে বুলি তোমালোকৰ লগত থাকোতেই, যি কথা মই কৈছিলোঁ, মোৰ সেই কথা এই।”
যি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সোধ-বিচাৰ কৰোঁতা এজন আছে, আৰু মই যি বার্তা দিছোঁ শেষৰ দিনা সেই বার্তাই তেওঁৰ সোধ-বিচাৰ কৰিব।
এই জনেই সেই মোচি, যি জনক তেওঁলোকে প্ৰত্যাখান কৰি কৈছিল, ‘কোনে তোমাক এজন শাসনকর্তা আৰু বিচাৰক পাতিলে?’ তেৱেঁই সেই জন, যি জনক ঈশ্বৰে শাসনকর্তা আৰু উদ্ধাৰকর্ত্তা স্বৰূপে স্বর্গৰ দূতৰ দ্বাৰা জোপোহাৰ মাজত দেখা দি পঠাই দিলে।
কিন্তু তোমালোকে আজি তোমালোকৰ ঈশ্বৰক হেয়জ্ঞান কৰিলা, যি জনে সকলো আপদ আৰু সঙ্কটৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে; তেওঁকেই তোমালোকে কৈছা, “আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰক’। সেয়ে, তোমালোকে এতিয়া নিজৰ ফৈদ অনুসাৰে আৰু নিজৰ গোষ্ঠী অনুসাৰে যিহোৱাৰ আগত উপস্থিত হোৱা।”
যিহোৱাই চমূৱেলক ক’লে, “এইলোক সকলে তোমাৰ আগত যি যি কথা কৈছে, সেই সকলো কথা শুনা; কিয়নো সিহঁতে যে তোমাক অগ্ৰাহ্য কৰিলে, এনে নহয়, কিন্তু মই যেন সিহঁতৰ ওপৰত ৰাজত্ব নকৰোঁ, এই আশয়েৰে মোকেই অগ্ৰাহ্য কৰিলে।