মাৰ্ক 7:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু তাই উত্তৰ দি তেওঁক ক’লে, “হয় প্ৰভু, তথাপি মেজৰ তলত থকা কুকুৰে ল’ৰাহঁতৰ উফৰি পৰাবোৰ খাবলৈ পায়”। |
পৃথিবীৰ অন্তলৈকে থকা সকল, মোলৈ ঘুৰি আহা আৰু পৰিত্ৰাণপ্ৰাপ্ত হোৱা; কাৰণ ময়েই ঈশ্বৰ, আৰু ইয়াত আন কোনো দেৱতা নাই।
তেওঁ কৈছে, যাকোবৰ ফৈদসকলক পুন:স্হাপন কৰিবলৈ, আৰু ইস্ৰায়েলৰ জীৱিত লোকসকলক পুনৰায় স্থাপন কৰিবৰ অৰ্থে তুমি মোৰ দাস হোৱা অতি সৰু বিষয়। মই তোমাক ধর্মহীন লোকৰ আগত দ্বীপ্তিস্বৰূপ কৰিম। সেয়ে হ’য়তো পৃথিবীৰ অন্ত:লৈকে তুমি মোৰ পৰিত্ৰাণৰ উপায় হ’বা
তেতিয়াহে তোমালোক স্বৰ্গত থকা পিতৃৰ সন্তান হ’ব পাৰিবা। কিয়নো তেওঁ দুষ্ট আৰু সৎ দুয়োৰো ওপৰত সূৰ্য উদয় হ’বলৈ দিয়ে আৰু ধাৰ্মিক অথবা অধাৰ্মিক এই দুয়োৰো ওপৰত বৰষুণ বৰষায়।
তেতিয়া তেওঁ তাইক ক’লে, “প্ৰথমে ল’ৰাহঁত খাই তৃপ্ত হওক; কিয়নো ল’ৰাহঁতৰ খোৱা বস্তু কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়”।
তাতে তেওঁ তাইক ক’লে, “এই কথাৰ কাৰণে তুমি যোৱা, তোমাৰ জীয়েৰাৰ পৰা ভূত বাহিৰ হৈ ওলাই গ’ল।”
কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক বিশ্বাস কৰে, তেওঁলোকৰ বাবে তেওঁ ধনৱান৷
ঈশ্বৰ অকল ইহুদী সকলৰ ঈশ্বৰ নে? তেওঁ অনা-ইহুদী সকলৰো ঈশ্ৱৰ নহয় জনো? অৱশ্যে, অনা-ইহুদী সকলৰো ঈশ্বৰ হয়৷
ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য; তথাপি ঈশ্বৰে মোক এই বৰ দান কৰিলে, যাতে মই খ্রীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবার্তা অনা-ইহুদী সকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ;