তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্যবোৰ কেনে আতঙ্কজনক! তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত আত্মসমর্পণ কৰিব।
মাৰ্ক 5:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যেতিয়া তেওঁ দূৰৈৰ পৰা যীচুক দেখা পালে, তেতিয়া তেওঁ দৌৰি আহিল আৰু যীচুক প্ৰণিপাত কৰিলে৷ |
তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্যবোৰ কেনে আতঙ্কজনক! তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত আত্মসমর্পণ কৰিব।
প্ৰতিটো ৰাতি আৰু দিনত তেওঁ মৈদামলৈ যায় আৰু পৰ্বতত গৈ চিঞৰে; আৰু শিলেৰে নিজকে নিজে আঘাত কৰে।
তাৰ পাছত তেওঁ কান্দি কান্দি বৰ মাতেৰে কলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই আপোনাক ঈশ্বৰৰ শপত দিছোঁ, মোক যাতনা নিদিব”।
তেওঁলোকৰ মাজৰ অনেকৰ পৰা ভূতবোৰ ওলাই আহিল। সিহঁতে আটাহ পাৰি কবলৈ ধৰিলে, “আপুনি ঈশ্বৰৰ পুত্ৰ!” কিন্তু তেওঁ সিহঁতক ডবিয়াই মুখ বন্ধ কৰি দিলে; কাৰণ সিহঁতে জানিছিল যে, তেৱেঁই খ্ৰীষ্ট।
এই ছোৱালী জনীয়ে পৌল আৰু আমাৰ পিছে পিছে আহিল আৰু উচ্চস্বৰে ক’লে “এই মানুহবোৰ সর্বোপৰি ঈশ্বৰৰ দাস। তেওঁলোকে পৰিত্রাণৰ পথৰ বিষয়ে আপোনালোকৰ আগত ঘোষণা কৰিছে।”
ঈশ্বৰ এজন বুলি আপুনি বিশ্বাস কৰিছে, ভাল কৰিছে; ভূতবোৰেও সেই কথাত বিশ্বাস কৰে আৰু ভয়ত চিঞৰে।