দেশৰ মাজত যদি আকাল কি মহামাৰী হয়, শস্য ককৰ্ত্তনীয়া কি ৰঙামূৰীয়া হয়, নাইবা ফৰিং কি পোক হয় আৰু যদি তেওঁলোকৰ শত্ৰুৱে তেওঁলোকৰ দেশৰ নগৰবোৰত তেওঁলোকক অৱৰোধ কৰে -
মাৰ্ক 5:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া তেওঁ যীচুক চুবলৈ পাই, তেওঁৰ তেজ বৈ থকা শুকাই গ’ল আৰু তেওঁ শৰীৰত সেই ব্যাধিৰ পৰা মুক্ত হোৱা গম পালে। |
দেশৰ মাজত যদি আকাল কি মহামাৰী হয়, শস্য ককৰ্ত্তনীয়া কি ৰঙামূৰীয়া হয়, নাইবা ফৰিং কি পোক হয় আৰু যদি তেওঁলোকৰ শত্ৰুৱে তেওঁলোকৰ দেশৰ নগৰবোৰত তেওঁলোকক অৱৰোধ কৰে -
তেওঁ ক’লে, “মই, তোমালোকৰ ঈশ্বৰ যিহোৱা, যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা, আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা, আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহ’লে, মই মিচৰীয়াসকলক যি সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী যিহোৱা।”
আৰু সেই ঘৰ লিপাৰ পাছত পুৰোহিতে সোমাই যদি সেই দাগ ব্যাপি নোযোৱা দেখে, তেন্তে পুৰোহিতে সেই ঘৰ শুচি বুলি ক’ব; কিয়নো তাৰ কুষ্ঠ ভাল হ’ল।
যদি কোনোবাই মাহেকীয়া অশৌচ হোৱা মহিলাৰে সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, তাইৰ উলঙ্গতা প্ৰকাশ কৰে, তেন্তে সেই পুৰুষে তাইৰ ভুমুক অনাবৃত কৰাত আৰু সেই মহিলায়ো নিজৰ তেজৰ ভুমুক অনাবৃত কৰাত, তেওঁলোক দুয়ো নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ’ব।
সেই সময়তে এগৰাকী মহিলাই পাছফালৰ পৰা যীচুৰ ওচৰলৈ আহি তেওঁৰ কাপোৰৰ দহি চুলে; সেই মহিলা গৰাকী বাৰ বছৰ ধৰি ৰক্তস্রাৱ ৰোগত ভুগি আছিল।
কিয়নো তেওঁ অনেক লোকক সুস্থ কৰা দেখি, ব্যাধিয়ে ধৰা সকলোৱেই তেওঁক চুবলৈ হেঁচা-ঠেলা কৰি আছিল।
তাতে যীচুৱে তেওঁক ক’লে, “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে; শান্তিৰে যোৱা আৰু সুস্থ থাকি তোমাৰ সেই ব্যাধিৰ পৰা মুক্ত হোৱা।”
সেই সময়ত যীচুৱে অনেক লোকক ৰোগ, মহাব্যাধিৰ পৰা আৰোগ্য কৰিছিল আৰু ভূতৰ আত্মাৰ পৰা অনেকক মুক্ত কৰিছিল আৰু অনেক অন্ধক দৃষ্টি পাবলৈ অনুমতি দিছিল।