কিন্তু আপুনি পুনৰ এবাৰ হাত মেলি তেওঁৰ অস্থি আৰু মাংস স্পৰ্শ কৰক; তেতিয়া তেওঁ অৱশ্যে আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।”
মাৰ্ক 5:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাতে সেই ভূতবোৰে যীচুক বিনয় কৰি কলে, “আমাক সেই গাহৰিবোৰৰ ভিতৰত পঠাই দিয়ক; আমাক সিহঁতৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ক৷” |
কিন্তু আপুনি পুনৰ এবাৰ হাত মেলি তেওঁৰ অস্থি আৰু মাংস স্পৰ্শ কৰক; তেতিয়া তেওঁ অৱশ্যে আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।”
সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
কোনো পবিত্র বস্তু কুকুৰবোৰক নিদিবা আৰু গাহৰিৰ আগত তোমালোকৰ মুকুতা নেপেলাবা; হয়তো সিহঁতে সেইবোৰ ভৰিৰ তলত লৈ গচকি নষ্ট কৰিব আৰু তোমাৰ ফালে ঘূৰি আহি তোমাকো টুকুৰা-টুকুৰ কৰি ছিৰি পেলাব।
তাতে তেওঁ অনুমতি দিয়াৰ পাছত সেই অশুচি আত্মাবোৰ বাহিৰ ওলাই গাহৰিবোৰত সোমাল; তেতিয়া সেই জাকত থকা প্ৰায় দুই হাজাৰ গাহৰি বৰ জোৰেৰে দৌৰি গৈ গৰাৰ পৰা সাগৰত পানীত পৰি ডুবি মৰিল।
সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে।