কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনে ধৰণে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জন ঠাইবোৰত থাকিবলগীয়া হ’ল যাতে চাৰিওফালৰ পৰা লোক সকলে তেওঁৰ ওচৰলৈ আহিব পাৰে।
মাৰ্ক 3:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত তেওঁ এটা ঘৰত সোমাল; আৰু পুনৰায় তাত ইমান মানুহ গোট খালে যে, তেওঁলোকে ভোজন কৰিব নোৱাৰিলে। |
কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনে ধৰণে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জন ঠাইবোৰত থাকিবলগীয়া হ’ল যাতে চাৰিওফালৰ পৰা লোক সকলে তেওঁৰ ওচৰলৈ আহিব পাৰে।
তাৰ পাছত যীচুৱে যেতিয়া তেওঁৰ শিষ্য সকলৰ সৈতে সাগৰৰ পাৰলৈ গ’ল; তেতিয়া গালীল আৰু যিহুদীয়াৰ পৰা অহা মানুহৰ দল এটাই তেওঁক অনুসৰণ কৰিলে;
তেতিয়া লোক সকলৰ সমাগম অধিক হোৱা দেখি, তেওঁ হেচা-ঠেলাৰ মাজত নপৰিবৰ বাবে শিষ্য সকলক এখন নাও যুগুত ৰাখিবলৈ আজ্ঞা দিলে।
তেতিয়া তেওঁ তেওঁলোকক কলে, “তোমালোকে অকলে এখন নিৰ্জন ঠাইলৈ যোৱা আৰু তাতে কিছুকাল বিশ্রাম কৰা৷” কিয়নো সেই সময়ত ইমান মানুহ অহা-যোৱা কৰি আছিল যে, তেওঁলোকে অৱসৰ লবলৈ আৰু ভোজন কৰিবলৈকো জিৰণি পোৱা নাছিল।
পাছত তেওঁ লোক সকলৰ ওচৰৰ পৰা গৈ ঘৰত সোমাল, তেতিয়া তেওঁৰ শিষ্য সকলে সেই দৃষ্টান্তটোৰ অর্থ তেওঁক সুধিলে।
পাছত তেওঁ ঘৰৰ ভিতৰত প্ৰৱেশ কৰোঁতে তেওঁৰ শিষ্য সকলে গুপুতে তেওঁক সুধিলে, “আমি সেই আত্মাটোক কিয় খেদাব নোৱাৰিলোঁ?”
তাৰ পাছত যীচুৱে তেওঁৰ পাঁচনি সকলৰ লগত পর্বতৰ পৰা নামি আহি এডোখৰ সমতল ভুমিত থিয় হ’ল। তাত তেওঁৰ শিষ্য সকলৰ এক বিশাল দল আছিল। সমগ্র যিহূদা, যিৰূচালেম, তুৰ আৰু চীদোনৰ সমুদ্রৰ উপকুলবর্তী অঞ্চলৰ পৰা অনেক লোক আহি তাত উপস্থিত হৈছিল।