অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




মাৰ্ক 2:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “সখি সকল দৰাৰ লগত থকা সময়ত, তেওঁলোকে লঘোন দিব পাৰে নে? তেওঁলোকৰ লগত দৰা থাকে মানে তেওঁলোকে লঘোন দিব নোৱাৰে।

অধ্যায়টো চাওক



মাৰ্ক 2:19
8 পৰস্পৰ সংযোগসমূহ  

তেতিয়া লাবনে সেই ঠাইৰ সকলো মানুহক গোটাই এটা ভোজৰ আয়োজন কৰিলে।


নানা বৰঙীয়া ফুলাম বস্ত্ৰেৰে বিভূষিত কৰি তেওঁক ৰজাৰ আগলৈ নিয়া হব; তাইৰ পাছত তাইৰ অবিবাহিতা সংগীসকলেও অনুসৰণ কৰিব।


ষাঠিজনী ৰাণী আৰু আশীজনী উপপত্নী, আৰু অসংখ্য যুৱতী থাকিব পাৰে;


তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দৰা লগত থাকোতে জানো দৰাৰ সখি সকলে শোক কৰিব পাৰে? কিন্তু এনে দিন আহিব, যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হ’ব; তেতিয়া তেওঁলোকেও লঘোন দিব।”


এবাৰ যোহনৰ শিষ্য সকল আৰু ফৰীচী সকলে লঘোন দি আছিল৷ তাতে তেওঁলোকে আহি যীচুক সুধিলে, “যোহনৰ শিষ্য সকলে আৰু ফৰীচী সকলৰ শিষ্য সকলেও লঘোন দিয়ে, কিন্তু আপোনাৰ শিষ্য সকলে লঘোন নিদিয়ে; ইয়াৰ কাৰণ কি”?


কিন্তু এনে দিন আহিব, যিদিনা তেওঁলোকৰ পৰা দৰাক নিয়া হব আৰু সেই দিনত তেওঁলোকেও লঘোন দিব।