মাৰ্ক 13:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই বিষয়ে সাৱধান হোৱা! পৰ দি প্ৰাৰ্থনা কৰি থাকা; কিয়নো সেই সময় কেতিয়া আহিব, এই বিষয়ে তোমালোকে নাজানা। |
তোমালোকো যুগুত হৈ থাকা; কিয়নো যি ক্ষণত তোমালোকে নাভাবা, সেই ক্ষণতে মানুহৰ পুত্ৰ আহিব।”
কিন্তু আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ সেই নৈতিক চৰিত্ৰ স্বীকাৰ কৰক আৰু অভিলাষ পূৰ্ণ কৰিবৰ বাবে নিজ নিজ মাংসৰ অৰ্থে একো আয়োজন নকৰিব।
সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক।
পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;
সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে।
(মন কৰিবা! মই চোৰৰ নিচিনাকৈ আহিম। ধন্য এনে লোক যি জনে নিজ গাত বস্ত্ৰ ৰাখি জাগি থাকে, যাতে তেওঁ উলঙ্গ হৈ বাহিৰলৈ ওলাব নালাগে আৰু তেওঁৰ লাজ আন লোকে দেখা নাপায়।)
জাগ্ৰত হোৱা আৰু যি আছে বলৱান কৰা, কিন্তু তুমি চতুর্দিশে মৰা; কাৰণ মোৰ ঈশ্বৰৰ দৃষ্টিত তোমাৰ কোনো কার্য মই পূর্ণ সমাপ্ত নাপালোঁ।