মাৰ্ক 12:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁ মৃত লোকৰ ঈশ্বৰ নহয় কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; আপোনালোকে বৰকৈ ভুল বুজি আছে।” |
যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকে ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভুল কৰিছে।
‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’; তেওঁ মৃত সকলৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত সকলৰহে ঈশ্বৰ।”
যীচুৱে তেওঁলোকক ক’লে, “ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰমৰ বিষয়ে নজনাতোৱেই হৈছে আপোনালোকৰ ভ্ৰান্তিৰ কাৰণ, নহয় নে?
এতিয়া তেওঁ মৃত লোকৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে।”
আৰু যি দৰে লিখা আছে, মই তোমাক অনেক জাতিৰ আদিপিতৃ পাতিলো ৷ আব্ৰাহামে ঈশ্ৱৰত বিশ্ৱাস ৰাখি, তেওঁৰ সাক্ষাতে আছিল, কিয়নো তেওঁ বিশ্বাস কৰা ঈশ্ৱৰে মৃত লোকক জীৱন দান কৰে আৰু জড়ক জীৱলৈ সম্বোধন কৰে৷
গতিকে, মই এই জাতিত বিৰক্ত হ’লো, মই ক’লো, এওঁলোক সদায় ভ্ৰান্ত হৃদয়ৰ লোক; তেওঁলোকে মোৰ পথ নাজানিলে;