মাৰ্ক 11:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া তেওঁলোকে পৰস্পৰে কোৱা-মেলা আৰু যুক্তি-তৰ্ক কৰি ক’লে, ‘স্বৰ্গৰ পৰা বুলি যদি কওঁ, তেনেহলে তেওঁত কিয় বিশ্বাস নকৰিলা, তেওঁ এনেকৈ ক’ব। |
কিন্তু মানুহৰ বুলি ক’ম নে?’ তেওঁলোকে মানুহবোৰলৈ ভয় কৰিলে, কিয়নো সকলোৱে যোহনক স্বৰূপেই এজন ভাববাদী বুলি মানিছিল।
যোহনে তেওঁৰ বিষয়ে সাক্ষ্য দি চিঞৰি ক’লে, “যি জনৰ বিষয়ে মই কৈছিলোঁ, এৱেঁই সেই জন। যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ পূৰ্বেও আছিল।”
পাছদিনা যোহনে যীচুক তেওঁৰ ওচৰলৈ অহা দেখি ক’লে, “সৌৱা চোৱা, ঈশ্বৰৰ মেৰ-পোৱালি, জগতৰ পাপ বহন কৰি নিওঁতা জন!
সেই সময়তে তেওঁলোকে যীচুক খোজকাঢ়ি যোৱা দেখি যোহনে ক’লে, “সৌৱা, ঈশ্বৰৰ মেৰ-পোৱালিক চোৱা!”