তেতিয়া এই যি শিল মই স্তম্ভ স্বৰূপে স্থাপন কৰিলোঁ, ই এক পবিত্র শিল হ’ব; আপুনি মোক যি যি দিব, মই তাৰ দহ ভাগৰ এভাগ আপোনাক ঘূৰাই দিম।”
মলা 3:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমালোকে তোমালোকৰ সমস্ত আয়ৰ দশমাংশ মোৰ গৃহত আহাৰ হ’বৰ কাৰণে ভঁৰাললৈ আনা। মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে। |
তেতিয়া এই যি শিল মই স্তম্ভ স্বৰূপে স্থাপন কৰিলোঁ, ই এক পবিত্র শিল হ’ব; আপুনি মোক যি যি দিব, মই তাৰ দহ ভাগৰ এভাগ আপোনাক ঘূৰাই দিম।”
নোহৰ বয়স যেতিয়া ছশ বছৰ হৈছিল, সেই বছৰৰ দ্বিতীয় মাহৰ সোঁতৰ দিনৰ দিনা ভূগর্ভস্থৰ সকলো ভুমুক ফুটি পানী ওলাবলৈ ধৰিলে আৰু আকাশৰ খিড়িকিবোৰ মুকলি হ’ল।
সেই সেনাপতিয়ে উত্তৰত ঈশ্বৰৰ লোকক কৈছিল, “চাওঁক, যিহোৱাই যদি আকাশৰ খিড়িকিবোৰো খুলি দিয়ে, তথাপিও জানো এনেকুৱা হ’ব পাৰে?” ইলীচাই কৈছিল, “চাই থাকক, আপুনি নিজৰ চকুৰে তাক দেখিব, কিন্তু আপুনি তাৰ অলপো খাবলৈ নাপাব।”
তেতিয়া যিজন সেনাপতিৰ সাহার্যৰ ওপৰত ৰজা নির্ভৰ কৰিছিল, তেওঁ সেই ঈশ্বৰৰ লোকক উত্তৰ দিলে, “চাওঁক, যিহোৱাই যদি আকাশৰ খিড়িকিবোৰো খুলি দিয়ে, তথাপিও জানো এনেকুৱা হ’ব পাৰে?” উত্তৰত ইলীচাই ক’লে, “চাই থাকক, আপুনি নিজৰ চকুৰে তাক দেখিব, কিন্তু আপুনি তাৰ অলপো খাবলৈ নাপাব।”
সেইদিনা বৰঙনিৰ বাবে দিয়া ফলৰ আগভাগ, আৰু দশম ভাগ থোৱা ভঁৰালৰ দায়িত্বত লোকসকলক নিযুক্ত কৰিলে। ইয়াৰ সকলোৰ পৰা পুৰোহিত আৰু লেবীয়া সকলৰ প্রয়োজন অনুযায়ী বিধানত দিয়াৰ দৰে কিছু অংশ তেওঁলোকৰ বাবে গোটোৱা হৈছিল। নগৰৰ ওচৰত থকা পথাৰত কাম কৰিবৰ বাবে প্রতিজনক নিযুক্ত কৰা হৈছিল। তেওঁলোকৰ সন্মুখত থিয় হোৱা পুৰোহিত আৰু লেবীয়া সকলে বাবে যিহূদাই আনন্দ কৰিছিল।
জৰুব্বাবিল আৰু নহিমিয়াৰ দিনত ইস্ৰায়েলৰ লোকসকলে প্ৰতিদিনৰ প্ৰয়োজন অনুসাৰে গায়ক আৰু দুৱৰী সকলক প্রতিদিনৰ অংশ দিছিল। তেওঁলোকে লেবীয়া সকলৰ বাবে কিছু অংশ আৰু লেবীয়া সকলে হাৰোণৰ বংশৰ লোক সকলৰ বাবে কিছু অংশ পৃথক কৰি ৰাখিছিল।
পুৰোহিত ইলিয়াচীবে টোবিয়াৰ বাবে এটা ডাঙৰ ভঁৰাল প্রস্তুত কৰিলে। যি ঠাইত পূৰ্বতে লোকসকলে শস্য নৈবেদ্য, ধূপ-ধূনা, বস্তুবোৰ, শস্যৰ দশম ভাগ, নতুন দ্ৰাক্ষাৰস, আৰু তেল, লেবীয়া সকলৰ নামেৰে, আৰু পুৰোহিত সকলৰ বৰঙনিৰ বাবে ৰখা হৈছিল।
যেতিয়া মেঘবোৰ বৃষ্টিৰে পূৰ্ণ হৈ থাকে, তেতিয়া তাৰ পৰা পৃথিবীত বৰষুণ পৰে; গছ উত্তৰ বা দক্ষিণ যি দিশতেই পৰক, কিন্তু যি ঠাইত পৰে, সেই ঠাইতেই পৰি থাকে।
আৰু মই তেওঁলোকক, আৰু মোৰ পৰ্ব্বতৰ চাৰিওফালে থকা ঠাইবোৰ আশীৰ্ব্বাদ যুক্ত কৰিম আৰু মই উচিত সময়ত বৃষ্টি অনাম, আৰু আশীৰ্ব্বাদযুক্ত বৃষ্টি পৰিব।
আৰু প্ৰথমে পকা শস্যাদিৰ প্ৰত্যেকৰ আগ ভাগ আৰু তোমালোকৰ আটাই উত্তোলনীয় উপহাৰৰ প্ৰত্যেক বস্তুৰ উত্তোলনীয় ভাগ পুৰোহিতসকলৰেই হ’ব; আৰু তোমাৰ ঘৰত আশীৰ্ব্বাদ থাকিবৰ কাৰণে তুমি তোমাৰ খৰচিয়া শস্যৰ আগ ভাগ পুৰোহিতক দিবা।
যিহোৱাই কৈছে, “সেই দিনা মই উত্তৰ দিম; মই আকাশ-মণ্ডলক উত্তৰ দিম; আকাশ-মণ্ডলে পৃথিবীক উত্তৰ দিব,
যিহোৱাই উত্তৰ দি তেওঁৰ লোকসকলক ক’লে: “চোৱা, মই তোমালোকলৈ শস্য, দ্ৰাক্ষাৰস, আৰু তেল পঠিয়াম। তোমালোক তাৰেই তৃপ্ত হবা, মই পুনৰ জাতি সমূহৰ মাজত তোমালোকক ধিক্কাৰৰ বিষয় নকৰিম।
আৰু তোমালোকে বহুদিনৰ পৰা সাঁচি থোৱা পুৰণি শস্য ভোজন কৰিবা, আৰু নতুন শস্য থবলৈ পুৰণি শস্য বোৰ উলিয়াবা।
আৰু ভুমিৰ শস্য বা গছৰ গুটিয়েই হওক, ভুমিৰ উৎপন্ন সকলো বস্তুৰ দশম ভাগ যিহোৱাৰ হ’ব; সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
ভঁৰালত এতিয়ালৈকে শস্য আছে নে? দ্ৰাক্ষালতা, ডিমৰু গছ, ডালিম, আৰু জিত গছে ফল দিয়া নাছিল; কিন্তু আজিৰ পৰা মই তোমাক আশীৰ্ব্বাদ কৰিম’।”
আৰু চোৱা, লেবীৰ সন্তানসকলে কৰা দাস্যকৰ্মৰ, সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ বেচ স্বৰূপে মই তেওঁলোকৰ উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ মাজৰ আটাই দশম ভাগ দিলোঁ।
কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।
আপোনালোকে আপোনালোকৰ হোম-বলি, বলি উৎসর্গ, দশমভাগ আৰু আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, সঙ্কল্প পূৰণৰ নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান আৰু গৰু-ছাগলী, মেৰ আদিৰ জাকৰ প্ৰথমে জগা পোৱালি সেই ঠাইলৈ লৈ যাব।
তাতে লেবীয়াসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো আধিপত্য নাই, তেওঁলোকৰ লগতে সেই নগৰৰ বিদেশী বাসিন্দাসকল, বিধৱা আৰু পিতৃহীন ল’ৰা-ছোৱালীবোৰে তৃপ্তিৰে খাবলৈ পাব। আপোনালোকৰ হাতে কৰা এই সকলো কাৰ্যত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আশীৰ্ব্বাদ কৰিবৰ কাৰণে ইয়াকে কৰিব।
আপোনালোকৰ দেশত উচিত সময়ত বৰষুণ দিবলৈ, আৰু আপোনালোকৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্ব্বাদ দিবলৈ, যিহোৱাই নিজৰ দানৰ ভঁৰাল অর্থাৎ আকাশ-মুকলি কৰি দিব; তাতে আপোনালোকে অনেক জাতিক ঋণ দিব, কিন্তু আপোনালোকে নিজে ঋণ নল’ব।