মথি 6:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া ভিতৰ-কোঠালীলৈ গৈ দুৱাৰ বন্ধ কৰিবা আৰু যি জনক দেখা পোৱা নাযায়, তোমালোকৰ সেই পিতৃৰ আগত প্ৰাৰ্থনা কৰিবা; তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব। |
যিহোৱাৰ দৃষ্টি ধাৰ্মিকসকলৰ ওপৰত থাকে; তেওঁৰ কাণ তেওঁলোকৰ কাতৰোক্তি শুনিবলৈ মুকলি থাকে।
কিয়নো সেইদৰে কৰিলে, তুমি তেওঁৰ মুৰত জ্বলি থকা আঙঠা বেলচাৰে আঁতৰাই দিয়া হ’ব, আৰু যিহোৱাই তোমাক পুৰস্কাৰ দিব।
হে মোৰ লোকসকল যোৱা, তোমালোকৰ কোঁঠালিত সোমোৱা, আৰু চাৰিও ফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেক মনে মনে লুকাই থাকা।
লোক সকলক বিদায় দি তেওঁ প্ৰাৰ্থনা কৰিবৰ কাৰণে পাহাৰৰ ওপৰলৈ অকলে উঠি গ’ল; আৰু যদিও তেতিয়া অন্ধকাৰ হৈ আহিছিল, তথাপি তেওঁ অকলশৰে তাতে আছিল।
যাতে আনে জানিব নোৱাৰে যে, তোমালোকে লঘোন দিছা। কিন্তু তোমালোকৰ পিতৃ, যি জনক তোমালোকে দেখা নোপোৱা, কেৱল তেৱেঁই ইয়াক দেখা পাব। তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক পুৰস্কাৰ দিব।
কিয়নো তেতিয়াহে তোমালোকৰ দান গোপন হ’ব আৰু গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
নথনেলে যীচুক সুধিলে, “আপুনি মোক কেনেকৈ চিনি পালে?” যীচুৱে উত্তৰ দি তেওঁক ক’লে, “ফিলিপে তোমাক মতাৰ আগেয়ে যেতিয়া তুমি ডিমৰু গছৰ তলত আছিলা, মই তেতিয়াই তোমাক দেখিছিলোঁ।”
যীচুৱে তেওঁক ক’লে, “তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই। কিন্তু তুমি মোৰ ভাই সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱাগৈ, যি জন মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ; আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ৷”
তেতিয়া কৰ্ণীলিয়ই কলে, “আজি চাৰি দিন হ’ল ঠিক এই সময়ত অৰ্থাৎ আবেলি তিনি মান বজাত প্ৰাৰ্থনা কৰি আছিলোঁ; তেতিয়া চাওক, উজ্জ্বল বস্ত্ৰ পিন্ধা এজন মানুহ মোৰ আগত থিয় হ’ল৷
পাছদিনা বাৰ মান বজাত তেওঁলোকে নগৰৰ ওচৰ পালে, সেই সময়ত পিতৰে প্ৰাৰ্থনা কৰিবৰ বাবে ঘৰৰ ওপৰলৈ উঠিছিল৷
কিন্তু পিতৰে তেওঁলোক আটাইকে বাহিৰলৈ যাব দি আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰিলে; পাছত মৃতদেহৰ ফাললৈ ঘূৰি চাই কলে, “হে টাবিথা উঠা।” তেতিয়া তেওঁ চকু মেলি পিতৰক দেখি বহিল৷
কিয়নো মাংস অনুসাৰে জীয়াই থকা সকলে মাংসিক বিষয় ভাবে; কিন্তু আত্মা অনুসাৰে জীয়াই থকা সকলে আত্মিক বিষয় ভাবে।