তোমালোকে ভয় নকৰিবা বা ভয়াতুৰ নহবা। মই জানো পূৰ্বৰে পৰা তোমালোকৰ আগত এই বিষয়ে প্রকাশ আৰু ঘোষনা কৰা নাই? তোমালোকেই মোৰ সাক্ষী: মোৰ বাহিৰে জানো আন কোনো ঈশ্বৰ আছে? আন কোনো শিলা নাই; মই আন কাকো নাজানো।”
মথি 28:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এতিয়া তোমালোকে বেগাই যোৱা আৰু তেওঁৰ শিষ্য সকলক এই কথা কোৱাগৈ যে, তেওঁ মৃত লোকৰ মাজৰ পৰা উঠিল৷ চোৱা, তোমালোকৰ আগেয়ে তেওঁ গালীল প্ৰদেশলৈ গৈছে; তোমালোকে তাতে তেওঁক দৰ্শন পাবা; চোৱা, এই কথা মই তোমালোকক ক’লো”। |
তোমালোকে ভয় নকৰিবা বা ভয়াতুৰ নহবা। মই জানো পূৰ্বৰে পৰা তোমালোকৰ আগত এই বিষয়ে প্রকাশ আৰু ঘোষনা কৰা নাই? তোমালোকেই মোৰ সাক্ষী: মোৰ বাহিৰে জানো আন কোনো ঈশ্বৰ আছে? আন কোনো শিলা নাই; মই আন কাকো নাজানো।”
ওচৰলৈ আহা আৰু মোৰ আগত এইতো ঘোষনা কৰা, প্রমান আনা! তেওঁলোকক একেলগে মিলিত হবলৈ দিয়া। কোনে আগৰ পৰা এইসকলো দেখুৱাই আহিছে? কোনে ঘোষনা কৰিছে? মই যিহোৱাই নহয়নে? মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই, মই ন্যায়ৱান ঈশ্বৰ, আৰু ত্ৰাণকৰ্ত্তা; মোৰ বাহিৰে আন কোনো নাই।
তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “ভয় নকৰিবা; তোমালোক যোৱা, মোৰ ভাই সকলক গালীল প্ৰদেশলৈ যাবৰ বাবে সম্বাদ দিয়াগৈ; তেওঁলোকে তাতে মোক দেখা পাব”।
তাতে তেওঁলোকে ভয় আৰু মহা-আনন্দেৰে মৈদামৰ পৰা ততাতৈয়াকৈ গুচি গ’ল আৰু তেওঁৰ শিষ্য সকলক সম্বাদ দিবলৈ ল’ৰি গ’ল।
তাতে তেওঁলোকে গৈ অন্য শিষ্য সকলক সম্বাদ দিলে; কিন্তু তেওঁলোকে সেই কথা বিশ্বাস নকৰিলে।
এইবোৰ ঘটা কালত তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই তোমালোকক এইবোৰ কথা ক’লোঁ।
কিন্তু যেতিয়া সেই সময় আহিব, তেতিয়া মই কোৱা কথাবোৰ তোমালোকে যেন সোঁৱৰিবা, এই কাৰণে মই এইবোৰ কথা এতিয়া তোমালোকক ক’লোঁ। মই তোমালোকৰ লগত থকাৰ কাৰণে, এইবোৰ কথা আৰম্ভণিৰে পৰা কোৱা নাছিলোঁ।
আৰু তাৰ পাছত পাঁচশতকৈ অধিক ভাই আৰু ভনি সকলক একে সময়তে দেখা দিলে; তেওঁলোকৰ অধিক ভাগ এতিয়ালৈকে আছে, কিন্তু কোনো কোনো নিদ্ৰিত হ’ল।