মথি 27:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পীলাতে তেওঁলোকক ক’লে, ‘তেনে হ’লে খ্ৰীষ্ট বোলা যীচুক মই কি কৰিম’? সকলোৱে ক’লে, ‘তাক ক্রুচত দিয়ক’। |
ইস্রায়েলৰ মুক্তিদাতা, তেওঁলোকৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, যাক মানুহে হেয়জ্ঞান কৰে, যাক দেশৰ লোকে ঘিণ কৰে, যি জনা অধিপতিসকলৰ দাস: কাৰণ বিশ্বাসীযোগ্য যিহোৱাই, তাৰ ওপৰিও ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাক মনোনীত কৰিলে। তেওঁৰেই বাবে ৰজাসকলে তোমাক দেখিলে উঠিব, আৰু অধিপতিসকলে তোমাক দেখিলে প্ৰণিপাত কৰিব।
মই এক মাহৰ ভিতৰতে সেই তিনিজন মেৰ-ছাগ ৰখীয়াক বিনষ্ট কৰিলোঁ; কিয়নো মই তেওঁলোকৰ প্রতি অধৈৰ্য হ’লো - কিয়নো তেওঁলোকৰ প্ৰাণেও মোক ঘিণ কৰিলে।
যাকোবৰ পুত্ৰ যোচেফ; তেওঁ মৰিয়মৰ স্বামী আৰু এই মৰিয়মৰ গর্ভত যীচুৰ জন্ম হয়, যি জনক খ্ৰীষ্ট বোলা হয়।
তাতে তেওঁলোক গোট খোৱাত, পীলাতে তেওঁলোকক সুধিলে, ‘মই তোমালোকলৈ কোন জনক মুকলি কৰাটো তোমালোকে ইচ্ছা কৰা, বাৰাব্বাক নে খ্ৰীষ্ট বোলা যীচুক’?
তাতে দেশাধিপতিয়ে উত্তৰ দি তেওঁলোকক ক’লে, ‘এই দুই জনৰ মাজত মই কোন জনক মুকলি কৰাটো তোমালোকৰ ইচ্ছা’? তেওঁলোকে ক’লে, ‘বাৰাব্বাক’।
তাতে তেওঁ ক’লে, ‘কিয়? তেওঁ কি দোষ কৰিলে’? কিন্তু তেওঁলোকে বৰকৈ আটাহ পাৰি ক’লে, ‘তাক ক্রুচত দিয়ক’।
তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে সাক্ষ্য বিচাৰিলে; কিন্তু তেওঁলোকে একো নাপালে।
সেই মহিলাই তেওঁক ক’লে, “মচীহ, যি জনক খ্ৰীষ্ট বোলা হয়, তেওঁ যে আহি আছে সেই বিষয়ে মই জানো। তেওঁ যেতিয়া আহিব, তেতিয়া আমাক সকলো কথা জনাব।”
এই কাৰণে, হে ভাই সকল, সেই জনৰ দ্বাৰাই আপোনালোকৰ আগত পাপ মোচনৰ ন্যায় বিষয়ৰ গ্ৰহণীয়তা প্ৰচাৰ কৰা হৈছে৷