মথি 25:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো নিৰ্ব্বুদ্ধি কেইজনীয়ে নিজৰ নিজৰ চাকি লওঁতে লগত তেল নল’লে; |
তথাপি তেওঁলোকে মোক প্রতিদিনে বিচাৰে, আৰু মোৰ পথৰ বিষয়ে জানিবলৈ ভাল পায়; নিজৰ ঈশ্বৰৰ বিধি ত্যাগ নকৰে আৰু অভ্যস্ত ধৰ্মৰ জাতিৰ দৰে তেওঁলোকে ধৰ্মৰ বিচাৰবোৰ মোৰ পৰা খোজে, আৰু ঈশ্বৰৰ ওচৰলৈ চাপিবলৈ ভাল পায়।
তেতিয়া চাকি লৈ, দৰাক আগবঢ়াবলৈ ওলাই যোৱা দহ জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হ’ব।
তেওঁলোকে ধাৰ্মিকতাৰ আকাৰ ধাৰণ কৰিব, কিন্তু তাৰ শক্তি অস্বীকাৰ কৰিব। এনে লোক সকলৰ পৰা তুমি আতৰি থাকিবা।
পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;
চাৰ্দ্দি থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনে ঈশ্বৰৰ সাত আত্মা আৰু সাতোটা তৰা ধাৰণ কৰি আছে, তেওঁ এই কথা কয়, তুমি কৰা কৰ্ম মই জানো, তুমি যে জীয়াই আছা, তাত এটা খ্যাতি আছে; কিন্তু তুমি মৃত।