মথি 22:37 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যীচুৱে তেওঁক ক’লে, “‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা৷’ |
আৰু সকলো হৃদয়, সকলো বুদ্ধি আৰু সকলো শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ নিচিনাকৈ চুবুৰীয়াক প্ৰেম কৰা, এয়ে সকলো হোমবলি বা বলিদানতকৈয়ো অধিক।”
তেওঁ উত্তৰ দি ক’লে, “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।”
কিয়নো মাংসৰ ভাব ঈশ্বৰলৈ শত্ৰুতা; কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ’বও নোৱাৰে৷
ইস্ৰায়েলীয়াসকল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই এতিয়া আপোনালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰে, তেওঁৰ সকলো পথত চলে, তেওঁক প্ৰেম কৰে, আপোনালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰে;
আপোনালোকে যাতে আপোনালোকৰ সকলো মন ও সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰি জীয়াই থাকে, সেইবাবেই তেওঁ আপোনালোকৰ আৰু আপোনালোকৰ বংশধৰসকলৰ হৃদয়ৰ চুন্নত কৰিব।
আপোনালোক সকলোৱেই আপোনাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক।