তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দায়ুদ আৰু তেওঁৰ সঙ্গী সকলৰ যেতিয়া ভোক লাগিছিল, তেতিয়া তেওঁ যি কৰিছিল সেই বিষয়ে জানো আপোনালোকে পঢ়া নাই?
মথি 22:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মৃত সকলৰ পুনৰুত্থানৰ বিষয়ে যি বাক্য ঈশ্বৰৰ দ্বাৰাই আপোনালোকক কোৱা হৈছিল বোলে, |
তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দায়ুদ আৰু তেওঁৰ সঙ্গী সকলৰ যেতিয়া ভোক লাগিছিল, তেতিয়া তেওঁ যি কৰিছিল সেই বিষয়ে জানো আপোনালোকে পঢ়া নাই?
‘মই বলিদান নোখোজো, দয়াহে খোজো’ শাস্ত্রৰ এই কথাৰ অৰ্থ আপোনালোকে জনা হ’লে, নিৰ্দ্দোষী সকলক দোষী নকৰিলেহেঁতেন।
তেতিয়া তেওঁলোকে যীচুক ক’লে, “লোক সকলে কি কৈছে তুমি শুনিছা নে?” যীচুৱে তেওঁলোকক ক’লে, “হয়! আপোনালোকে কেতিয়াও পঢ়া নাই নে, ‘তুমি শিশু আৰু কেচুৱাবোৰৰ মুখৰ পৰা স্তুতি সস্পূৰ্ণ কৰিলা’?”
যীচুৱে তেওঁলোকক ক’লে, “এই শাস্ত্ৰীয় বচন আপোনালোকে পঢ়া নাই নে, ‘ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল; এয়ে প্ৰভুৰ পৰা হ’ল, আৰু আমাৰ দেখাত আচৰিত’?
কিয়নো পুনৰুত্থানত বিয়া নকৰাই, বিয়া দিয়াও নহয়; কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।
‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’; তেওঁ মৃত সকলৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত সকলৰহে ঈশ্বৰ।”
“মই বলিদান নোখোজো, দয়াহে বিচাৰো,” শাস্ত্রৰ এই কথাষাৰৰ অৰ্থ কি সেই বিষয়ে শিকি আহাগৈ। কিয়নো মই ধাৰ্মিক লোকক মন-পালটন কৰিবৰ বাবে নিমন্ত্রণ কৰা নাই, কিন্তু পাপী লোকক নিমন্ত্ৰণ কৰিবৰ বাবেহে মই আহিছোঁ।”