তাৰ পাছত যীচুৱে শিষ্য সকলক সুধিলে, “তোমালোকে এই সকলো কথা বুজি পালা নে?” তেওঁলোকে ক’লে, “হয়, পালোঁ।”
মথি 15:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁ ক’লে, “তোমালোকে এতিয়াও বুজি পোৱা নাই নে? |
তাৰ পাছত যীচুৱে শিষ্য সকলক সুধিলে, “তোমালোকে এই সকলো কথা বুজি পালা নে?” তেওঁলোকে ক’লে, “হয়, পালোঁ।”
তোমালোকে এই কথাও নুবুজা নে- মুখত যি সোমায়, সেয়ে পেটৰ ভিতৰলৈ যায় আৰু শৌচৰ দ্বাৰেদি বাহিৰলৈ ওলায়।
মই যে তোমালোকক পিঠাৰ কথা কোৱা নাই, সেই বিষয়ে তোমালোকে কিয় বুজি পোৱা নাই? কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধান হবলৈহে কৈছোঁ।”
তোমালোকে এতিয়াও বুজা নাই নে বা তোমালোকৰ মনতো পৰা নাই নে সেই পাঁচ হাজাৰ মানুহৰ কাৰণে পাঁচটা পিঠাৰ কথা আৰু তাৰ পাছত কেইটা পাচি তোমালোকে তুলি লৈছিলা?
কিয়নো তেওঁলোকে পিঠাৰ বিষয়ে বুজি নাপালে, কাৰণ বুজি নাপাবলৈ তেওঁলোকৰ মন কঠিন কৰা হ’ল।
তাতে যীচুৱে তেওঁলোকক ক’লে, “তোমালোকো ইমান অবুজ নে? বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ যিবোৰ বস্তু সোমায়, সেইবোৰে মানুহক অশুচি কৰিব নোৱাৰে,
কিন্তু এই কথা তেওঁ কিয় ক’লে, সেই বিষয়ে তেওঁলোকে একো নুবুজিলে; তেওঁলোকৰ পৰা এই বাক্য গোপন কৰি ৰখাৰ বাবে, যি বাক্য কোৱা হ’ল; সেই বাক্যৰ বিষয়ে তেওঁলোকে একো নাজানিলে।
কিন্তু তেওঁলোকে সেই কথা নুবুজিলে আৰু বুজি নাপাবলৈ সেই বিষয়ক তেওঁলোকৰ পৰা গুপুতে ৰখা হ’ল৷ তেওঁলোকে সেই কথাৰ বিষয়ে যীচুক সুধিবলৈও ভয় কৰিলে।
ইমান দিনে আপোনালোক শিক্ষক হৈ উঠিব লাগিছিল, কিন্তু তাৰ পৰিৱর্তে এতিয়াও কোনোৱে যেন পুনৰাই আপোনালোকক ঈশ্বৰৰ বচন সমূহৰ আদিকথাৰূপ বৰ্ণমালা শিকায়, আপোনালোকৰ এনে প্ৰয়োজন হৈ পৰিছে। আপোনালোক এনেকুৱা মানুহ হ’ল যে, টান আহাৰ নহয়, গাখীৰহে আপোনালোকৰ প্ৰয়োজন হৈ আছে।