তেতিয়া গধূলি হবলৈ ধৰিছিল, শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি ক’লে, “এই ঠাই নিৰ্জন আৰু দিনৰ সময়ো প্ৰায় শেষ হ’ল; লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে গাওঁবোৰলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব।”
মথি 14:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁ নাৱৰ পৰা নামি মানুহৰ বৃহৎ দলটো দেখা পাই তেওঁলোকৰ আগলৈ আহিল। তাতে সেই লোক সকললৈ যীচুৰ মৰম লগাত তেওঁলোকৰ ৰোগবোৰ সুস্থ কৰিলে। |
তেতিয়া গধূলি হবলৈ ধৰিছিল, শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি ক’লে, “এই ঠাই নিৰ্জন আৰু দিনৰ সময়ো প্ৰায় শেষ হ’ল; লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে গাওঁবোৰলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব।”
যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে।
তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেৰৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল।
যেতিয়া যীচু পাৰলৈ আহিল, তেতিয়া তেওঁ বহু লোকক তাত উপস্থিত হৈ থকা দেখিলে আৰু তেখেত সকলক দেখি তেওঁৰ মৰম লাগিল; কিয়নো তেখেত সকল ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল৷ তেওঁ তেখেত সকলক অনেক উপদেশ দিবলৈ ধৰিলে।
আৰু এই আত্মাই তাক নষ্ট কৰিবলৈ বাৰে বাৰে জুই আৰু পানীতো পেলায়; কিন্তু আপুনি যদি কিবা কৰিব পাৰে তেনেহলে আমালৈ কৃপা কৰি উপকাৰ কৰক।”
সেই বাবেই যীচু সকলো দিশৰ পৰা তেওঁৰ ভাই সকলৰ দৰে হোৱাৰ প্রয়োজন আছিল যাতে ঈশ্বৰৰ সাক্ষাতে তেওঁ এজন দয়ালু আৰু বিশ্বস্ত মহা-পুৰোহিত হব পাৰে আৰু মানুহে পাপৰ পৰা ক্ষমা পাব পাৰে।
কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।
মানুহৰ অজ্ঞতা আৰু ভ্রান্ত অৱস্থাত মহা-পুৰোহিত জনে তেওঁলোকৰ প্রতি সহানুভুতিশীল হব পাৰে, যিহেতু তেৱোঁ আন লোক সকলৰ দৰে নিজৰ দুর্বলতাৰ দ্বাৰা বেষ্টিত।