যীচুৰ শিষ্য সকলে আহি তেওঁক সুধিলে, “আপুনি কিয় দৃষ্টান্তৰ মাধ্যমেৰে লোক সকলৰ আগত কথা কয়?”
কিন্তু তোমালোকৰ চকু ধন্য, কিয়নো সেইবোৰে দেখে; তোমালোকৰ কাণো ধন্য, কিয়নো সেইবোৰে শুনে।
যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁৰ দ্বিতীয় মৃত্যুৰ দ্বাৰা হানি নহব”।
যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁক মই গুপুত মান্না দিম; আৰু এটি বগা শিলো তেওঁক দিম; সেই শিলৰ ওপৰত এটি নতুন নাম লিখা আছে, গ্ৰহণ কৰা জনৰ বিনে আন কোনেও সেই নাম নাজানে”।
যদি তোমাৰ কাণ আছে, তেনেহলে মণ্ডলীবোৰলৈ আত্মা কি কৈছে সেয়া শুনা। যি জনে জয় কৰে, তেওঁক মই ঈশ্বৰৰ পৰমদেশত থকা জীৱন-বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম।”