ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁৰ দাস গৎ-হেফৰৰ অমিত্তয়ৰ পুত্ৰ ভাববাদী যোনাৰ দ্বাৰাই যি কথা কৈছিল, সেই কথা অনুসাৰে যাৰবিয়ামে লেব হমাত এলেকাৰ পৰা অৰাবা সমুদ্ৰলৈকে ইস্ৰায়েলৰ সীমা পুনৰায় স্থাপন কৰিলে।
মথি 12:40 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যোনা যেনেকৈ তিনি দিন তিনি ৰাতি ডাঙৰ মাছৰ পেটৰ ভিতৰত আছিল, তেনেকৈ মানুহৰ পুত্ৰও তিনি দিন তিনি ৰাতি মাটিৰ তলত থাকিব। |
ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁৰ দাস গৎ-হেফৰৰ অমিত্তয়ৰ পুত্ৰ ভাববাদী যোনাৰ দ্বাৰাই যি কথা কৈছিল, সেই কথা অনুসাৰে যাৰবিয়ামে লেব হমাত এলেকাৰ পৰা অৰাবা সমুদ্ৰলৈকে ইস্ৰায়েলৰ সীমা পুনৰায় স্থাপন কৰিলে।
আনফালে যোনাক গিলি থবৰ কাৰণে যিহোৱাই এটা ডাঙৰ মাছ নিৰূপণ কৰি থৈছিল আৰু সেই মাছৰ পেটত যোনা তিনিদিন তিনিৰাতি থাকিল।
সেই সময়ৰ পৰা যীচুৱে তেওঁৰ শিষ্য সকলক জনাবলৈ ধৰিলে যে, তেওঁ অৱশ্যেই যিৰূচালেমলৈ যাব লাগিব, আৰু তাত পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ পৰা অনেক দুখভোগ পাই মৃত্যুভোগ কৰি তিন দিনৰ দিনা পুনৰায় উঠিব লাগিব।
লোক সকলে তেওঁক বধ কৰিব আৰু তিন দিনৰ দিনা তেওঁ পুনৰাই জীয়াই উঠিব৷” এই কথা শুনি শিষ্য সকল অতি দুঃখিত হ’ল৷
“হে’ৰা মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা, নিজকে ৰক্ষা কৰা৷ তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেনেহলে ক্ৰুচৰ পৰা নামি আহা”।
তেওঁ ইয়াত নাই; কিন্তু যেনেকৈ তেওঁ কৈছিল, তেনেকৈ তেওঁ উঠিল৷ আহা, তেওঁ শয়ন কৰা ঠাই চোৱাহি।
যীচুৱে তেওঁক ক’লে, “শিয়ালৰ গাত আৰু আকাশৰ চৰাইৰো বাহ আছে; কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই।”