মথি 12:35 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ভাল মানুহে তেওঁৰ অন্তৰত ভৰি থকা ভাল সঞ্চয়ৰ পৰা ভাল কথা উলিয়ায় আৰু বেয়া মানুহে তেওঁৰ অন্তৰত ভৰি থকা বেয়া সঞ্চয়ৰ পৰা বেয়া কথা উলিয়ায়। |
দুষ্টলোকৰ কথাবোৰ ৰক্তপাত কৰিবলৈ খাপ দিয়াৰ দৰে হয়; কিন্তু ন্যায় কৰাসকলৰ কথাই তেওঁলোকক সুৰক্ষিত কৰে।
সত্যতাত চলা জনৰ হৃদয়ে উত্তৰ দিয়াৰ পূৰ্বেই চিন্তা কৰে; কিন্তু দুষ্টলোকৰ মুখেৰে সকলো বেয়া কথা বাহিৰ হয়।
সৰ্পৰ বংশধৰ সকল! নিজে বেয়া হৈ কেনেকৈ আপোনালোকে ভাল কথা ক’ব পাৰিব? মানুহৰ মন যি কথাৰে পূর্ণ থাকে, মুখে সেই কথাকে কয়।
তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “গতিকে, স্বর্গৰাজ্যৰ বিষয়ে শিক্ষা পোৱা প্রত্যেক জন বিধানৰ অধ্যাপক এনে এজন শিষ্যত পৰিণত হয়, যি জনে এজন গৃহস্থৰ দৰে নিজৰ ভঁৰালৰ পৰা নতুন আৰু পুৰণি উভয় বস্তু বাহিৰলৈ উলিয়াই।”
ভাল মানুহে নিজৰ হৃদয়ৰ ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায় আৰু দুষ্ট লোকে মন্দ হৃদয়ৰ পৰা মন্দ বিষয় উলিয়ায়। কিয়নো মানুহৰ হৃদয়ত যি থাকে, তেওঁৰ মুখে তাকে কয়।
আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনা সকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক।
খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক।
আপোনালোকৰ বাৰ্তালাপ যেন সদায় অনুগ্ৰহযুক্ত হৈ থাকক আৰু আস্বাদযুক্ত লোণৰদৰে, কোন জনক কেনেকৈ উত্তৰ দিব লাগে, সেই বিষয়ে যেন আপোনালোকে জানি লওঁক৷