“হে তৃষ্ণাতুৰ লোকসকল, পানীৰ ওচৰলৈ আহাঁ! আৰু যি সকলৰ ধন নাই, সকলো আহাঁ; খোৱা বস্তু কিনা, আৰু ভোজন কৰা! আহাঁ, বিনামূল্যে বিনাদামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা।
মথি 10:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অসুস্থ লোকক সুস্থ কৰিবা, মৃত লোকক তুলিবা, কুষ্ঠ ৰোগী সকলক শুচি কৰিবা, ভূতক খেদাবা। তোমালোকে বিনামূল্যে পাইছা, বিনামূল্যেই দিবা। |
“হে তৃষ্ণাতুৰ লোকসকল, পানীৰ ওচৰলৈ আহাঁ! আৰু যি সকলৰ ধন নাই, সকলো আহাঁ; খোৱা বস্তু কিনা, আৰু ভোজন কৰা! আহাঁ, বিনামূল্যে বিনাদামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা।
এই হেতুকে তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে যজ্ঞবেদী সম্বন্ধীয় সকলো বিষয়ত আৰু প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ সকলো বিষয়ত নিজ নিজ পুৰোহিত পদৰ কৰিবলগীয়া কাৰ্য কৰিবা, তোমালোকে নিজেই সেৱাকৰ্ম সকলো কাম সমাধা কৰিবা, মই দান স্বৰূপেই পুৰোহিত পদৰ কাৰ্য তোমালোকক দিলোঁ। কিন্তু আন বংশৰ যি কোনো লোক ওচৰ চাপিলে, তেওঁৰ প্ৰাণদণ্ড হ’ব।”
যীচুৱে তেওঁৰ বাৰ জন শিষ্যক একেলগে ওচৰলৈ মাতি তেওঁলোকক অশুচি আত্মাক খেদাবলৈ আৰু সকলো ধৰণৰ ৰোগ-ব্যাধি আৰু অসুস্থ জনক সুস্থ কৰিবলৈ অধিকাৰ দিলে।
আৰু প্ৰাণনাশক কোনো বস্তু পান কৰিলেও তেওঁলোকৰ একো হানি নহব আৰু নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰিব৷”
সেই ঠাইত থকা ৰোগী সকলক সুস্থ কৰিবা আৰু ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে’ বুলি তেওঁলোকক ক’বা।
তেতিয়া পিতৰে কলে, “মোৰ লগত ৰূপ সোণ একো নাই, কিন্তু যি আছে তাকে তোমাক দিওঁ; নাচৰতীয়া যীচু খ্ৰীষ্টৰ নামেৰে উঠি ফুৰা”।
তোমাৰ পবিত্ৰ দাস যীচুৰ নামেৰে সুস্থ কৰিবলৈ, আচৰিত কার্য আৰু চিন দেখুৱাবলৈ তুমি তোমাৰ হাত আগবঢ়াই দিয়া”।