অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




মথি 1:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

উচিয়ৰ পুত্ৰ যোথম; যোথমৰ পুত্ৰ আহচ; আহচৰ পুত্ৰ হিস্কিয়া৷

অধ্যায়টো চাওক



মথি 1:9
11 পৰস্পৰ সংযোগসমূহ  

ৰমলিয়াৰ পুত্র ইস্ৰায়েলৰ ৰজা পেকহৰ ৰাজত্বৰ দ্বিতীয় বছৰত যিহূদাৰ ৰজা উজ্জিয়াৰ পুত্ৰ যোথমে ৰাজত্ব কৰিবলৈ ধৰিলে।


পাছত উজ্জিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষৰে সৈতে তেওঁক মৈদাম দিয়া হ’ল। তেওঁৰ পুত্ৰ যোথম তেওঁৰ পদত ৰজা হ’ল।


তেতিয়াৰে পৰা ৰজা উজ্জিয়া মৃত্যুৰ দিনলৈকে কুষ্ঠৰোগী হৈ থাকিল৷ তেওঁ বেলেগ ঘৰত বাস কৰিছিল; কিয়নো তেওঁ কুষ্ঠৰোগী আছিল। তেওঁক যিহোৱাৰ মন্দিৰৰ পৰা বিচ্ছেদ কৰা হৈছিল; তাতে তেওঁৰ পুত্ৰ যোথমে ৰাজগৃহৰ অধ্যক্ষ হৈ দেশৰ লোকসকলক শাসন কৰিবলৈ ধৰিলে।


যোথমে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স পঁচিশ বছৰ আছিল; তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিছিল৷ তেওঁৰ মাক চাদোকৰ জীয়েক যিৰূচা আছিল।


হিস্কিয়াৰ পুত্ৰ মনচি; মনচিৰ পুত্ৰ আমোন; আমোনৰ পুত্ৰ যোচিয়া৷


আচাৰ পুত্ৰ যিহোচাফট৷ যিহোচাফটৰ পুত্ৰ যোৰাম; যোৰামৰ পুত্ৰ উচিয়৷