মথি 1:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 “চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;” এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ। |
চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভাৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।”
এই হেতুকে প্ৰভুৱে নিজেই তোমালোকক এটা চিন দিব: চোৱা, যুৱতী কন্যা গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁৰ নাম ইম্মানুৱেল ৰখা হ’ব।
পাছত যোচেফে টোপনিৰ পৰা সাৰ পাই উঠি, প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে নিজৰ ভাৰ্য্যাৰূপে মৰিয়মক গ্ৰহণ কৰিলে।
মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।
সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
ওপৰ-পুৰুষ সকলো তেওঁলোকৰেই; আৰু শৰীৰৰ সম্বন্ধে খ্ৰীষ্টও তেওঁলোকৰ পৰাই হ’ল৷ যি জন সৰ্ব্বোপৰি, সেই ঈশ্বৰ যুগে যুগে ধন্য। আমেন।
সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত জগত খনক মিলন কৰিলে, তেওঁলোকৰ পাপময় বাধাবোৰ গণনা নকৰিলে; আৰু সেই মিলনৰ বার্তা আমাক গতাই দিলে।
আৰু একেলগে আমি একমত হৈ কওঁ যে, “ভক্তিৰ নিগূঢ় সত্য অতি মহান৷ তেওঁ মাংসত প্ৰকাশিত হ’ল, আত্মাত ধাৰ্মিক বুলি গণিত কৰা হ’ল, দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ’ল, অন্যান্য জাতি সকলৰ আগত ঘোষণা কৰা হ’ল, জগতত বিশ্বাস কৰা হ’ল, প্ৰতাপত তুলি নিয়া হ’ল।”
কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কার্য সিদ্ধ হয় আৰু সকলো অনা-ইহুদী লোকে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ মোক বলৱান কৰিলে; তাতে মই সিংহৰ মুখৰ পৰা উদ্ধাৰ পালোঁ।