বিলা 3:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহোৱালৈ অপেক্ষা কৰোঁতা সকললৈ, তেওঁক বিচাৰোঁতাসকলৰ জীৱনলৈ তেওঁ মঙ্গলময়। |
হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক মানি চলিবা, আৰু তোমাৰ সকলো হৃদয়েৰ আৰু হৰ্ষিত মনেৰে তেওঁৰ পৰিচৰ্যা কৰিবা। এই দৰে কৰা কাৰণ যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।
তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।
তথাপি তুমি দেশৰ পৰা আচেৰা মুৰ্ত্তিবোৰ উচ্ছন্ন কৰাত আৰু ঈশ্বৰক বিচাৰিবলৈ তোমাৰ মন থিৰ কৰাত তোমাৰ কিছু সদ্ভাৱ পোৱা গ’ল।”
যিকোনোৱে ধৰ্মধাম শুচি কৰা বিধি অনুসাৰে নিজকে শুচি নকৰাকৈয়েই ঈশ্বৰক অৰ্থাৎ নিজৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰ কৰিবলৈ নিজ মন থিৰ কৰিলে।”
আৰু তেওঁ নিজ ঈশ্বৰক বিচাৰ কৰিবৰ কাৰণে ঈশ্বৰৰ গৃহৰ পৰিচৰ্যা-কৰ্ম, ব্যৱস্থা আৰু আজ্ঞাৰ বিষয়ে যি যি কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে, সেইবোৰ নিজৰ সকলো মনেৰে কৰি কৃতকাৰ্য্য হ’ল।
শত্রুবোৰৰ পৰা আমাক ৰক্ষা কৰিবলৈ মই আমাৰ লগত সৈন্য বা অশ্বাৰোহী ৰজাক খুজিবলৈ অত্যন্ত দ্বিধাবোধ কৰিছিলোঁ। আমি ৰজাক কৈছিলোঁ যে, “আমাৰ ঈশ্বৰে, তেওঁক মঙ্গল খোজা সকলৰ ওপৰত তেওঁৰ হাত থাকে, কিন্তু তেওঁক ত্যাগ কৰা সকলৰ ওপৰত তেওঁৰ পৰাক্ৰম আৰু ক্ৰোধ থাকে।”
দুখী লোকসকলে খাই তৃপ্ত হব; যি সকলে যিহোৱাক বিচাৰে তেওঁলোকে তেওঁৰ গুণ কীৰ্ত্তন কৰিব। তেওঁলোকৰ হৃদয়বোৰ চিৰকাল জীৱিত হৈ থাকক!
তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।
মোৰ হৃদয়ে তোমাৰ এই কথাকে ক’লে, “আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।” হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো।
যিহোৱাৰ অপেক্ষাত থাকা, তেওঁৰ পথত চলা; তাতে তেওঁ পৃথিবীৰ অধিকাৰী হবলৈ তোমাক উন্নত কৰিব। দুষ্টবোৰ উচ্ছন্ন হ’লে তুমি তাক দেখিবলৈ পাবা।
যিহোৱাৰ আগত শান্ত হোৱা; ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা। যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা;
কিয়নো হে ঈশ্বৰ, তুমিয়েই মোৰ সঙ্কল্পবোৰ শুনিলা। তোমাৰ নাম শ্রদ্ধা কৰাসকলৰ আধিপত্য তুমি মোক দিলা।
সেই দিনা এই দৰে কোৱা হ’ব, “চোৱা, এৱেঁই আমাৰ ঈশ্বৰ, আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আৰু এৱেঁই আমাক পৰিত্ৰাণ দিব; এৱেঁই যিহোৱা; আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আমি তেওঁৰ পৰিত্ৰাণত উল্লাসিত হৈ আনন্দ কৰিম।
ৰাতি মোৰ প্ৰাণে সৈতে মই আপোনালৈ হাবিয়াহ কৰিলোঁ; এনে কি, মোৰ আত্মাৰে সৈতে যত্নেৰে আপোনাক বিচাৰিম; কিয়নো পৃথিৱীত আপোনাৰ বিচাৰ অহাৰ সময়ত পৃথিৱীৰ নিবাসীসকলে ধাৰ্মিকতা শিকে।
তথাপিও যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, সেই বাবে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উন্নত হব। কাৰণ যিহোৱা ন্যায় বিচাৰ কৰা ঈশ্বৰ, যি সকলে তেওঁলৈ অপেক্ষা কৰে, তেওঁলোক সৌভাগ্যশীল।
কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।
তোমালৈ অপেক্ষা কৰা জনলৈ কাৰ্য সিদ্ধ কৰোঁতা যি তুমি, তোমাৰ বাহিৰে আন ঈশ্বৰ আছে বুলি আগৰ কালৰ পৰা মানুহে শুনা নাই বা চকুৰে দেখা নাই।
তোমালোকে নিজৰ কাৰণে ধাৰ্মিকতাৰ কঠীয়া সিচাঁ, প্রেমৰ শস্য দোৱা, পতিত ভূমি চহোৱা; যিহোৱাক বিচাৰিবৰ সময় হৈছে। যেতিয়া তোমালোকে তেনে কৰিবা, তেতিয়া যিহোৱাই আহি তোমালোকৰ ওপৰত ধাৰ্মিকতাৰূপ বৃষ্টি বৰষাব।
যিহোৱাই এইদৰে কৈছে, “সেইবাবে তোমালোক সেই দিন পর্যন্ত মোৰ অপেক্ষাত থাকা, যি দিনা মই লুটপাত কৰিবলৈ উঠিম! কিয়নো মই এয়ে ঠিক কৰিছোঁ যে, জাতিবোৰক মই একগোট কৰিম, ৰাজ্যবোৰক একত্রিত কৰিম আৰু তেওঁলোকৰ ওপৰত মোৰ কোপ, মোৰ জ্বলন্ত ক্রোধ ঢালি দিম। মোৰ অন্তৰ্জ্বালাৰ অগ্নিৰে গোটেই পৃথিৱী গ্ৰাসিত হ’ব।
ঈশ্বৰে যি পুত্রক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁ স্বৰ্গৰ পৰা ঘূৰি অহালৈ আমি অপেক্ষাও কৰি আছোঁ। সেই পুত্র যীচুৱেই আমাক আহিব লগা ক্রোধৰ পৰা ৰক্ষা কৰিব।
এতেকে, হে ভাইসকল, প্ৰভুৰ আগমণলৈ ধৈৰ্য ধৰি থাকক। চাওক, খেতিয়কে খেতিৰ বহুমূল্য শস্য পৃথিৱীৰ পৰা পাবৰ বাবে বাট চাই থাকে আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপাই, তেতিয়ালৈকে ধৈৰ্য ধৰি থাকে।