তেওঁলোকে তোমাৰ পবিত্র স্থানত জুই লগাই দিছে; তোমাৰ নামৰ নিবাসক মাটিত মিলাই অপবিত্ৰ কৰিলে।
বিলা 2:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁ নিজ তম্বু বাৰীৰ টঙি ধংস কৰাৰ দৰে ধংস কৰিলে আৰু নিজৰ সমাজ পতা ঠাই বিনষ্ট কৰিলে। যিহোৱাই চিয়োনত পৰ্ব্ব আৰু বিশ্ৰাম দিন পাহৰালে, কিয়নো তেওঁৰ প্ৰচণ্ড ক্ৰোধত ৰজা আৰু পুৰোহিতসকলক তেওঁ হেয়জ্ঞান কৰিলে। |
তেওঁলোকে তোমাৰ পবিত্র স্থানত জুই লগাই দিছে; তোমাৰ নামৰ নিবাসক মাটিত মিলাই অপবিত্ৰ কৰিলে।
অনৰ্থক নৈবেদ্য আৰু নানিবা; আৰু ধূপ মোলৈ ঘিণলগীয়া; তোমালোকৰ ন-জোন, বিশ্ৰামবাৰ, আৰু মই এই দুষ্টসকলৰ সভাসমূহ সহিব নোৱাৰোঁ।
দ্ৰাক্ষাবাৰীৰ পঁজাৰ দৰে, আৰু তিয়ঁহ বাৰীৰ চাঙিৰ দৰে, আৰু অৱৰোধ কৰা নগৰৰ দৰে, চিয়োন-জীয়ৰী পৰিত্যক্ত হৈছে।
এই হেতুকে মই পবিত্ৰীকৃত অধ্যক্ষসকলক অপবিত্ৰ কৰিম, মই যাকোবক সৰ্বনাশ আৰু ইস্ৰায়েলক নিন্দাৰ বিষয় কৰিম।
মই মোৰ দ্ৰাক্ষাবাৰীলৈ যি কৰিম এতিয়া তাক মই তোমালোকক জনাওঁ; মই জোপোহা গছৰ বেৰাবোৰ গুচাম, মই তাক চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিম, আৰু তাৰ দেৱালবোৰ ভাঙিম তাতে তাক গছকা হ’ব।
মই তাৰ জাৱৰবোৰ তাতে ৰাখিম; আৰু ইয়াক কলম দিয়া নহ’ব, বা কোৰ মৰাও নহ’ব। কিন্তু তাত কাঁইট গছ আৰু কাঁইটিয়া বন গজি উঠিব, আৰু মই মেঘক ইয়াৰ ওপৰত বৰষুণ নিদিবলৈ আজ্ঞা দিম।
তোমাৰ লোকসকল অলপ সময়হে তোমাৰ পবিত্রস্থানৰ আধিপত্য ভোগ কৰিলে; কিন্তু এতিয়া আমাৰ শত্রুবোৰে এইসকলো ভৰিৰে গচকিলে।
আমাৰ পূৰ্বপুৰুষসকলে তোমাৰ প্ৰশংসা কৰা, আমাৰ সেই পবিত্ৰ সুন্দৰ মন্দিৰ অগ্নিৰে দগ্ধ হ’ল; আৰু আমাৰ মনমোহা সকলো ঠাই উচ্ছন্ন হ’ল।
কিন্তু যদি তোমালোকে বিশ্ৰাম-দিন পবিত্ৰ কৰিবলৈ আৰু বিশ্ৰাম-বাৰে বোজা বৈ যিৰূচালেমৰ দুৱাৰেদি লোকসকলক সোমাবলৈ দিয়া আৰু মোৰ আজ্ঞালৈ কাণ নিদিয়া, তেন্তে মই তাৰ দুৱাৰবোৰত অগ্নিৰে প্রজ্বলিত কৰিম, সেয়ে যিৰূচালেমৰ অট্ৰালিকাবোৰ গ্ৰাস কৰিব, সেইবোৰ নুনুমাব’।”
কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: যিৰূচালেম-নিবাসীসকলৰ ওপৰত যেনেকৈ মোৰ ক্ৰোধ আৰু কাপ ঢালি দিয়া হৈছিল, তেনেকৈ তোমালোকে মিচৰ দেশত সোমোৱা সময়ত তোমালোকৰ ওপৰতো মোৰ ক্ৰোধ ঢালি দিয়া হ’ব; আৰু তোমালোক শাও, বিস্ময়, অভিশাপ আৰু নিন্দাৰ বিষয় হ’বা; তোমালোকে এই ঠাই আৰু দেখিবলৈ নাপাবা।’
তুমি তেওঁক কোৱা: যিহোৱাই এই কথা কৈছে: চোৱা, মই যি সাজিলোঁ, তাক ভাঙিম, আৰু মই যি ক’লোঁ, তাক উঘালিম, আৰু গোটেই দেশত এনেকৈয়ে কৰিম।
শুনা, সেইয়া বাবিল দেশৰ পৰা পলোৱা আৰু ৰক্ষা পোৱাবিলাকৰ মাত; আমাৰ ঈশ্বৰ যিহোৱাই সধা প্ৰতিকাৰ, তেওঁৰ মন্দিৰৰ অৰ্থে সধা প্ৰতিকাৰ সিবিলাকে চিয়োনত প্ৰকাশ কৰিছে।
নিৰ্ধাৰিত পৰ্ব্বলৈ কোনো নোযোৱাত, চিয়োনৰ পথবোৰে শোক কৰিছে। তাইৰ আটাই দুৱাৰ অৱহেলিত হ’ল। তাইৰ পুৰোহিতসকলে দুখত কেঁকাই আছে। তাইৰ কুমাৰীসকল শোকত আছে আৰু নিজেও অতি বেজাৰত আছে।
যিহোৱাৰ ক্ৰোধে সিহঁতক ছিন্ন-ভিন্ন কৰিলে; তেওঁ সিহঁতলৈ পুনৰ দৃষ্টি নকৰিব। লোক সকলে সেই পুৰোহিতসকলক সন্মান নকৰিলে, সেই বৃদ্ধসকলক দয়া নকৰিলে।
আমাৰ নাকৰ নিশ্বাসস্বৰূপ যিহোৱাৰ সেই অভিষিক্ত জনক সিহঁতৰ গাতত ধৰা হ’ল, যি জনৰ বিষয়ে আমি কৈছিলোঁ, “জাতি সমূহৰ মাজত আমি তেওঁৰ ছাঁত জীয়াই থাকিম।”
কিয়নো ৰজাই নিয়মটি ভাঙি শপতটো তুচ্ছ কৰিলে; চোৱা, তেওঁ হাতযোৰ কৰি শপত লোৱাৰ পাছতো, এই আটাই কাৰ্য কৰিলে; তেওঁ ৰক্ষা নাপাব।
মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম, তোমালোকৰ ধৰ্মধামবোৰ উচ্ছন্ন কৰিম, আৰু তোমালোকৰ সুগন্ধ বস্তুৰ ঘ্ৰাণ গ্ৰহণ নকৰিম।
পৰ্ব্বৰ সময়ত আনন্দ কৰা মানুহৰ দৰে আনন্দ কৰিব।” যিহোৱাই কৈছে, “মই তোমাৰ লজ্জা আৰু বিনাশৰ ভয়বোৰ দূৰ কৰিম।
“সকলো লোকৰ সন্মুখত মই তোমালোকক তুচ্ছ আৰু ঘৃণাৰ পাত্র কৰিলোঁ; কাৰণ মোৰ পথত তোমালোকে চলা নাই, কিন্তু তাৰ পৰিবর্তে ব্যৱস্থাৰ বিষয়ত লোকসকলৰ লগত পক্ষপাতিত্ব কৰিলা।”