বিচাৰ 9:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যোথমক এই কথা জনোৱাত তেওঁ গৰিজ্জীম পৰ্ব্বতৰ টিঙলৈ উঠি গৈ চিঞঁৰি চিঞঁৰি ক’বলৈ ধৰিলে, “হে চিখিমৰ নেতাসকল, মোৰ কথা শুনা, তাতে ঈশ্বৰেও আপোনালোকৰ কথা শুনিব। |
সেয়ে তোমালোকে যেতিয়া প্রাৰ্থনাৰ বাবে তোমালোকৰ হাত মেলা, তেতিয়া মই তোমালোকৰ পৰা দৃষ্টি আঁতৰাওঁ; এনে কি, তোমালোকে প্ৰাৰ্থনা কৰি থাকিলেও মই নুশুনিম; তোমালোকৰ হাত নির্দোষীৰ তেজেৰে পৰিপূৰ্ণ হৈছে।
আমাৰ পিতৃপুৰুষ সকলে এই পৰ্বতৰ ওপৰত ভজনা কৰিছিল; কিন্তু আপোনালোক ইহুদী সকলে কয় যে যিৰূচালেমেই সেই ঠাই য’ত লোক সকলে ভজনা কৰা উচিত।”
আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া সেই দেশত ঈশ্বৰ যিহোৱাই আপোনালোকক যেতিয়া লৈ যাব, তেতিয়া গৰিজ্জীম পৰ্বতত সেই আশীৰ্ব্বাদ, আৰু এবাল পৰ্ব্বতত সেই শাও প্ৰকাশ কৰিব।
সেই দুই পৰ্বত যৰ্দ্দনৰ সিপাৰত পশ্চিমফালৰ বাটৰ পশ্চিমত গিলগলৰ সন্মুখত অৰাবা-নিবাসী কনানীয়াসকলৰ দেশৰ মাজত মোৰিৰ এলোন গছবোৰৰ ওচৰত নহয় নে?
“আপোনালোকে যৰ্দ্দন নদী পাৰ হোৱাৰ পাছত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, যোচেফ, আৰু বিন্যামীন এই ফৈদৰ লোকসকল গৰিজ্জীম পৰ্ব্বতত উঠি থিয় হ’ব;
কিয়নো যিজনে দয়া নকৰে, সোধ-বিচাৰো তেওঁলৈ নিৰ্দয়ী হয়৷ দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে!
সকলো ইস্ৰায়েলী লোক, তেওঁলোকৰ পৰিচাৰকসকল, বিষয়াসকল আৰু বিচাৰকৰ্তাসকলকে আদি কৰি সকলো লোকে নিয়ম-চন্দুকৰ চাৰিওফালে থিয় হ’ল; তেওঁলোকে পুৰোহিত আৰু যিহোৱাৰ নিয়ম-চন্দুক বহনকাৰী লেবীয়াসকলৰ সন্মুখত থিয় হ’ল। তাতে স্বদেশীয় আৰু পৰদেশীয় সকলো লোক আছিল। তেওঁলোকৰ আধা অংশ লোক গৰিজ্জীম পৰ্বতৰ ফালে আৰু আধা অংশ লোক এবাল পৰ্বতৰ ফালে আছিল। ইস্ৰায়েলৰ লোকসকল আশীৰ্ব্বাদ প্ৰাপ্ত হ’বৰ বাবে যিহোৱাৰ দাস মোচিয়ে প্ৰথমে তেওঁলোকক এইদৰে আজ্ঞা দিছিল।
তাৰ পাছত চিখিমৰ আৰু বৈৎ-মিল্লোৰ নেতাসকলে একেলগে আহি চিখিমৰ স্তম্ভৰ ওচৰত থকা ওক গছজোপাৰ কাষলৈ গৈ অবীমেলকক ৰজা পাতিলে।
এবাৰ গছবোৰে নিজৰ কাৰণে এজন ৰজাক অভিষেক কৰিবৰ অৰ্থে বাহিৰ ওলাই গ’ল। সিহঁতে জিত গছক ক’লে, ‘তুমি আমাৰ ৰজা হোৱা।’