অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




বিচাৰ 9:41 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

অবীমেলক অৰূমাত থাকিল আৰু জবুলে চিখিমৰ পৰা গাল আৰু তেওঁৰ জ্ঞাতি-কুটুম্বসকলক খেদি বাহিৰ কৰি দিলে।

অধ্যায়টো চাওক



বিচাৰ 9:41
4 পৰস্পৰ সংযোগসমূহ  

এবদৰ পুতেক গালে ক’লে, “অবীমেলক কোন যে আমি চিখিমৰ লোকসকল তেওঁৰ অধীনত থাকিম? তেওঁ জানো যিৰুব্বালৰ পুতেক নহয়? জবুল জানো তেওঁৰ শাসনাধিপতি নহয়? আপোনালোকে বৰং চিখিমৰ বাপেক হমোৰৰ বংশধৰসকলৰ অধীন হৈ থাকক; কিয় আমি অবীমেলকৰ অধীনত থাকিম?


এবদৰ পুতেক গালৰ সেই কথা নগৰৰ শাসনাধিপতি জবুলৰ কাণত পৰিল আৰু তেওঁ ক্ৰোধত জ্বলি উঠিল।


অবীমেলকে গালৰ পাছে পাছে খেদি যোৱাত তেওঁ পলাই গ’ল; আৰু তেওঁৰ দলৰ অনেকেই নগৰৰ প্ৰৱেশ দুৱাৰত সোমোৱাৰ আগতেই আঘাত পাই ঢলি পৰিল।


পাছদিনাখন চিখিমৰ লোকসকলে নগৰৰ বাহিৰ ওলাই খেতিলৈ গ’ল আৰু এই বাতৰি অবীমেলকক জনোৱা হ’ল।