অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




বিচাৰ 9:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ইয়াকে কৈ যোথমে ল’ৰ মাৰি বেৰ নামৰ এখন ঠাইলৈ পলাই গ’ল। তেওঁ নিজৰ ভায়েক অবীমেলকৰ ভয়ত সেই ঠাইতে বাস কৰিলে।

অধ্যায়টো চাওক



বিচাৰ 9:21
5 পৰস্পৰ সংযোগসমূহ  

পাছত চেবাই ইস্ৰায়েলৰ সকলো ফৈদৰ মাজেদি আবেল আৰু বৈৎ-মাখালৈকে আৰু সকলো বেৰীয়াসকলৰ অঞ্চললৈকে গ’ল; আৰু তেওঁলোকেও গোট খাই তেওঁৰ পাছত গ’ল।


তাৰ পৰা তেওঁলোকে বেৰলৈ, অৰ্থাৎ যি নাদৰ বিষয়ে যিহোৱাই মোচিক কৈছিল, তুমি লোকসকলক গোটোৱা, মই তেওঁলোকক পানী দিম। সেই নাদলৈ যাত্ৰা কৰিলে।”


এই গাওঁবোৰ নগৰৰ চাৰিওফালে নগৰবোৰৰ সৈতে একেলগে বলাৎ-বেৰ অৰ্থাৎ দক্ষিণ অঞ্চলৰ ৰামালৈকে আছিল৷ এয়েই আছিল চিমিয়োনৰ ফৈদৰ নিজ নিজ বংশ অনুসাৰে দিয়া উত্তৰাধিকাৰ।


কিন্তু আপোনালোকে যদি ইয়াকে নকৰে, তেনেহ’লে অবীমেলকৰ পৰা যেন জুই ওলাই আহি আপোনালোকৰ অর্থাৎ চিখিম আৰু বৈৎ-মিল্লোৰ লোকসকলক পুৰি পেলাওক; আৰু আপোনালোকৰ অর্থাৎ চিখিম আৰু বৈৎ-মিল্লোৰ লোকসকলৰ মাজৰ পৰাও যেন জুই বাহিৰ হৈ অবীমেলকক পুৰি পেলাওক।”


অবীমেলকে ইস্ৰায়েলৰ ওপৰত তিনিবছৰ শাসন কৰিলে।