লাবনে তেওঁক ক’লে, “তুমি সচাঁকৈয়ে মোৰ শৰীৰৰ হাড় আৰু মঙহৰ লোক।” তাৰ পাছত যাকোব লাবনৰ ঘৰত এমাহ থাকিল।
বিচাৰ 9:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 “দয়া কৰি চিখিমৰ সকলো নেতাকে আপোনালোকে এই কথা সোধক: ‘আপোনালোকৰ কাৰণে কোনটো ভাল? যিৰুব্বালৰ সত্তৰজন পুত্র আপোনালোকৰ শাসনকর্তা হ’ব নে এজনে শাসন কৰা ভাল?’ পাহৰি নাযাব, মই আপোনালোকৰে হাড় আৰু মঙহ।” |
লাবনে তেওঁক ক’লে, “তুমি সচাঁকৈয়ে মোৰ শৰীৰৰ হাড় আৰু মঙহৰ লোক।” তাৰ পাছত যাকোব লাবনৰ ঘৰত এমাহ থাকিল।
আৰু তোমালোকে অমাচাকো ক’বা, ‘তুমি জানো মোৰ হাড়ৰো হাড়, মঙহৰো মঙহ নোহোৱা? তুমি যদি এতিয়াৰ পৰা মোৰ সৈন্যসকলৰ বাবে যোৱাবৰ ঠাইত প্ৰধান সেনাপতি নোহোৱা, তেন্তে ঈশ্বৰে মোক অধিক আনকি তাতোধিক দণ্ড দিয়ক’।”
তাৰ পাছত গোটেই ইস্ৰায়েলৰ লোকসকলে হিব্ৰোণত দায়ূদৰ ওচৰলৈ আহি ক’লে, “চাওক, আমি আপোনাৰ মাংস আৰু আপোনাৰ হাড়।
ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই চয়তানক শক্তিহীন কৰিব পাৰে, আৰু
কিন্তু আজি আপোনালোকে মোৰ পিতৃ-বংশৰ বিৰুদ্ধে বিদ্রোহ কৰিছে; একেটা শিলৰ ওপৰতে তেওঁৰ সত্তৰজন পুত্রক বধ কৰিলে আৰু তেওঁৰ দাসীৰ পুত্র অবীমেলকক চিখিমৰ লোক সকলৰ ওপৰত ৰজা পাতিলে, কাৰণ তেওঁ আপোনালোকৰ আত্মীয়।
অবীমেলকে অফ্রাত নিজৰ বাপেকৰ ঘৰলৈ গৈ তেওঁৰ সত্তৰজন ভাইক অর্থাৎ যিৰুব্বালৰ পুতেকসকলক একেটা শিলৰ ওপৰত হত্যা কৰিলে। কেৱল, যিৰুব্বালৰ সৰু পুতেক যোথম লুকাই থকা বাবে সি বাচি গ’ল।