তেতিয়া তেওঁলোকৰ হাতত বিদেশৰ যিমানবোৰ দেৱ-দেৱী আছিল যাকোবক দিলে। তাৰ লগতে কাণৰ কুণ্ডলবোৰো যাকোবক দিলে; যাকোবে সেই সকলোকে লৈ চিখিম নগৰৰ ওচৰত ওচৰৰ এলা গছজোপাৰ ত’লতে পুতি থলে।
বিচাৰ 8:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে উত্তৰ দিলে, “আমি আনন্দ মনেৰে আপোনাক সেয়া দিম।” তাৰ পাছত তেওঁলোকে এখন কাপোৰ পাৰি তাৰ মাজত প্ৰতিজনে লুটি অনা নিজ নিজ কাণৰ গহনা পেলালে। |
তেতিয়া তেওঁলোকৰ হাতত বিদেশৰ যিমানবোৰ দেৱ-দেৱী আছিল যাকোবক দিলে। তাৰ লগতে কাণৰ কুণ্ডলবোৰো যাকোবক দিলে; যাকোবে সেই সকলোকে লৈ চিখিম নগৰৰ ওচৰত ওচৰৰ এলা গছজোপাৰ ত’লতে পুতি থলে।
গিদিয়োনে তেওঁলোকক পুনৰ ক’লে, “কিন্তু আপোনালোকৰ ওচৰত মোৰ এটি অনুৰোধ আছে, আপোনালোকৰ লুটৰ ভাগৰ পৰা প্ৰতিজনে মোক এটাকৈ কাণৰ গহনা দিয়ক।” কিয়নো মিদিয়নীয়াসকল আছিল ইস্মায়েলৰ বংশৰ লোক আৰু তেওঁলোকে কাণত সোনৰ গহনা পিন্ধা প্রচলিত আছিল।
তাতে তেওঁ অনুৰোধ কৰি পোৱা সেই সোনৰ কাণফুলিবোৰৰ ওজন এক হাজাৰ সাত শ চেকল হ’ল; তাৰ বাহিৰেও চন্দ্ৰহাৰ, ‘লকেট’, মিদিয়নীয়া ৰজাসকলে পিন্ধা বেঙেনা বৰণীয়া বস্ত্ৰ আৰু তেওঁলোকৰ উটবোৰে পিন্ধা ডিঙিৰ হাৰ আছিল।