এইদৰে তেওঁ নিজৰ লোক সমূহক আনন্দেৰে সৈতে, তেওঁৰ মনোনীত লোকসকলক গীত-মাতেৰে সৈতে উলিয়াই আনিলে।
বিচাৰ 6:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মিচৰীয়াসকলৰ ক্ষমতা আৰু তোমালোকক উপদ্ৰৱ কৰাসকলৰ হাতৰ পৰা মইয়ে তোমালোকক উদ্ধাৰ কৰিলোঁ। মই তেওঁলোকক তোমালোকৰ সন্মুখৰ পৰা খেদাই তেওঁলোকৰ ভূমি তোমালোকক দিলোঁ। |
এইদৰে তেওঁ নিজৰ লোক সমূহক আনন্দেৰে সৈতে, তেওঁৰ মনোনীত লোকসকলক গীত-মাতেৰে সৈতে উলিয়াই আনিলে।
যি জনাই আমাক আমাৰ শত্ৰুবোৰৰ পৰা উদ্ধাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
মই তোমাৰ আগে আগে এজন দূত পঠাম, আৰু কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলক খেদিম।
মই তোমালোকক কৈছিলোঁ, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা; মই তোমালোকক আজ্ঞা দিছিলোঁ যে যিসকলৰ ভূমিত তোমালোকে বাস কৰিছা সেই ইমোৰীয়াসকলৰ দেৱ-দেৱীৰ পূজা তোমালোকে নকৰিবা’। কিন্তু তোমালোকে মোৰ কথা নুশুনিলা।”
তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ ওচৰলৈ এজন ভাববাদী পঠালে; তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ক্রীতদাসৰ গৃহ মিচৰ দেশৰ পৰা মইয়ে তোমালোকক উলিয়াই আনিলো।
ইস্ৰায়েলৰ সন্তান সকলক তেওঁ ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মই ইস্ৰায়েলক মিচৰৰ পৰা আনিলোঁ, মিচৰীয়াসকলৰ হাতৰ পৰা আৰু যিবোৰ ৰাজ্যই তোমালোকক উপদ্ৰৱ কৰিছিল তেওঁলোকৰ পৰা মই উদ্ধাৰ কৰিলোঁ।