অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




বিচাৰ 6:35 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁ মনচিৰ সকলো ফাললৈ বার্তাবাহক পঠালে আৰু তেওঁলোককো তেওঁৰ পাছত আহিবলৈ মাতিলে। তেওঁ আচেৰ, জবূলূন, আৰু নপ্তালী ফৈদৰ লোকসকলোলৈও বার্তাবাহক পঠালে। তাতে তেওঁলোকে তেওঁলোকৰ সঙ্গী হ’বলৈ উঠি আহিল।

অধ্যায়টো চাওক



বিচাৰ 6:35
6 পৰস্পৰ সংযোগসমূহ  

বাৰাকে জবূলূন আৰু নপ্তালী বংশৰ লোক সমূহক কেদচলৈ একলগে মাতি আনিলে। দহ হাজাৰ লোক তেওঁৰ লগত গ’ল আৰু দবোৰাও তেওঁৰ লগত গ’ল।


তেওঁ নপ্তালী দেশৰ কেদচৰ পৰা অবীনোৱমৰ পুত্ৰ বাৰাকক মাতি আনি ক’লে, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই আপোনাক এই আজ্ঞা দিছে, ‘তুমি নপ্তালীৰ আৰু জবূলূনৰ বংশৰ দহ হাজাৰ লোক লগত লৈ তাবোৰ পৰ্ব্বতৰ ফালে যোৱা।


জবূলূন আৰু নপ্তালীৰ ফৈদ ৰণস্থলীত প্ৰাণক মৰণলৈকে তুচ্ছ জ্ঞান কৰা লোক।


তেতিয়া নপ্তালী, আচেৰ, আৰু মনচি ফৈদৰ পৰা ইস্ৰায়েলৰ লোকসকল একগোট হৈ মিদিয়নীয়াসকলৰ পাছে পাছে খেদি গ’ল।


সেয়ে লোকসকলৰ আগত এই কথা ঘোষণা কৰা, যিসকলে ভয় খাই কঁপি আছে, তেওঁলোকে গিলিয়দ পাহাৰ এৰি ঘৰলৈ উলটি যাওক; তাতে লোকসকলৰ মাজৰ পৰা বাইশ হাজাৰ লোক উভটি গ’ল কেৱল দহ হাজাৰ অৱশিষ্ট থাকিল।”