বিচাৰ 6:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত ইস্ৰায়েলৰ সন্তান সকলে পুনৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিবলৈ ধৰিলে। তাতে যিহোৱাই তেওঁলোকক মিদিয়নীয়াসকলৰ হাতত শোধাই দিলে আৰু তেওঁলোক সাত বছৰ ধৰি তেওঁলোকৰ অধীন হৈ থাকিল। |
সেই মিদিয়নীয়া ব্যৱসায়ীসকল ওচৰেদি পাৰ হোৱাত, তেওঁলোকে যোচেফক গাতৰ পৰা টানি ওপৰলৈ উঠালে আৰু বিশ চেকল ৰূপৰ বিনিময়ত যোচেফক ইশ্মায়েলীয়াসকলৰ ওচৰত বিক্রী কৰিলে। তাতে সেই ব্যৱসায়ীসকলে যোচেফক মিচৰ দেশলৈ লৈ গ’ল।
মোৱাবৰ ৰজাই মিদিয়নৰ বৃদ্ধ লোক সকলক ক’লে, “গৰুৱে পথাৰৰ কোমল ঘাঁহ চেলেকাদি, এই লোক সকলে আমাৰ চাৰিওঁফালে থকা সকলোকে খাই শেষ কৰিব।” সেই কালত চিপ্পোৰৰ পুত্ৰ বালাক মোৱাবৰ ৰজা আছিল।
আৰু অধিক কি ক’ম, গিদিয়োন, বাৰাক, চিমচোন, যিপ্তহ, দায়ুদ, চমূৱেল, আৰু ভাৱবাদী সকল, এই সকলোৰে বৃত্তান্ত ক’বলৈ গলে সময় নোজোৰে;
সেয়ে তেওঁলোকৰ বিৰুদ্ধে তেওঁ খঙত জ্বলি উঠিল আৰু পলেষ্টীয়া আৰু অম্মোনীয়াসকলৰ হাতত তেওঁলোকক তুলি দিলে।
সেয়ে তেওঁলোকে যিহোৱাৰ দৃষ্টিত যি বেয়া তেনে আচৰণ কৰিবলৈ আৰম্ভ কৰিলে আৰু বাল-দেৱতাবোৰৰ সেৱা-পূজা কৰিব ধৰিলে।
গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, যিহোৱা যদি আমাৰ লগত আছে, তেনেহ’লে কিয় আমালৈ এইবোৰ ঘটিল? ‘যিহোৱায়ে জানো আমাক মিচৰৰ পৰা অনা নাছিল?’ এই কথা আমাৰ ওপৰ-পিতৃসকলে কৈছিল। তেওঁ কৰা যিবোৰ আচৰিত কার্যৰ বিষয়ে আমাক কৈছিল, সেইবোৰ এতিয়া ক’ত? কিন্তু এতিয়া তেওঁ আমাক ত্যাগ কৰিলে আৰু মিদিয়নীয়াসকলৰ হাতত সমৰ্পণ কৰিলে।”