পাছত আটাই লোকে বেলি থাকোঁতেই দায়ূদক ভোজন কৰাবলৈ আহিলত, দায়ূদে এই শপত খালে, “বেলি মাৰ নৌ যাওঁতে মই যদি পিঠা বা আন কিবা বস্তুৰেই আস্বাদ লওঁ, তেন্তে ঈশ্বৰে মোক অমুক আৰু তাতোকৈয়ো অধিক দণ্ড দিয়ক।”
বিচাৰ 20:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ইস্ৰায়েলৰ সন্তানসকলে উঠি গৈ সন্ধিয়ালৈকে যিহোৱাৰ ওচৰত ক্ৰন্দন কৰিলে আৰু যিহোৱাক সুধিলে, “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ পূণৰ যাম নে?” তাতে যিহোৱাই কলে, “তেওঁলোকক আক্ৰমণ কৰা!” |
পাছত আটাই লোকে বেলি থাকোঁতেই দায়ূদক ভোজন কৰাবলৈ আহিলত, দায়ূদে এই শপত খালে, “বেলি মাৰ নৌ যাওঁতে মই যদি পিঠা বা আন কিবা বস্তুৰেই আস্বাদ লওঁ, তেন্তে ঈশ্বৰে মোক অমুক আৰু তাতোকৈয়ো অধিক দণ্ড দিয়ক।”
মই মোৰ নিজৰ ঠাইলৈ ঘূৰি যাম। তেওঁলোকে নিজৰ দোষ স্বীকাৰ নকৰা পর্যন্ত আৰু মোক বিচাৰি নহালৈকে মই সেই ঠাইত থাকিম। তেওঁলোকৰ সঙ্কটৰ সময়ত তেওঁলোকে মোক বিচাৰিবলৈ আপ্রাণ চেষ্টা কৰিব।”
তেতিয়া যিহোচূৱাই নিজৰ কাপোৰ ফালিলে৷ তেওঁ আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে নিজ নিজ মুৰত ধুলি ছটিয়াই, যিহোৱাৰ নিয়ম-চন্দুকৰ আগত, তললৈ মুখ কৰি সন্ধিয়ালৈকে মাটিত পৰি থাকিল।
তেতিয়া যিহোচূৱাই ক’লে, “হায় হায়, হে প্ৰভু যিহোৱা, আমাক বিনষ্ট কৰাবৰ অৰ্থে এই ইমোৰীয়াসকলৰ হাতত আমাক শোধাই দিবলৈ, তুমি কিয় এই লোকসকলক যৰ্দ্দন পাৰ কৰি আনিলা? তাতকৈ আমি অন্য সিদ্ধান্তৰে ক্ষান্ত হৈ যৰ্দ্দনৰ সিপাৰে থকা হ’লেই কেনে ভাল আছিল!
যিহোচূৱাৰ মৃত্যুৰ পাছত ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাক সুধিলে, “কনানীয়াসকলৰ বিপক্ষে আমি যেতিয়া যুদ্ধ কৰিবলৈ উপত্যকাৰ ওপৰলৈ যাম, তেতিয়া আমাৰ হৈ যুদ্ধ কৰিবলৈ কোনে প্রথমে তেওঁলোকক আক্রমণ কৰিব?”
পাছত ইস্ৰায়েলৰ সন্তানসকলে ওলাই বৈৎএললৈ গৈ ঈশ্বৰক সুধিলে, “কোন বংশৰ লোক সকলোতকৈ আগেয়ে বিন্যামীনৰ সন্তানসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই যাব?” তাতে যিহোৱাই ক’লে, “প্ৰথমে যিহূদাৰ বংশৰ লোকসকলে আক্রমণ কৰিব।”
পাছত ইস্ৰায়েলৰ সৈন্যসকল তেওঁলোকতকৈও বেছি শক্তিশালী আছিল, তেওঁলোকে প্ৰথম দিনা যি ঠাইত সৈন্যৰ বেহু পাতিছিল আকৌ সেই ঠাইতে বেহু পাতিলে।
এইবাৰ ইস্ৰায়েলৰ সৈন্যসকল বিন্যামীনৰ সৈন্যসকলৰ ওচৰ আহি পালে। এইদিনটো আছিল যুদ্ধৰ দ্বিতীয় দিন।
পাছত ইস্রায়েলৰ লোকসকল বৈৎএল চহৰলৈ গ’ল, তাতে ঈশ্বৰৰ সন্মুখত সন্ধ্যালৈকে সেই ঠাইত বহি থাকি বৰ মাতেৰে ক্ৰন্দন কৰি ক’লে,
তাৰ পাছত তুমি তাৰ পৰা আগবাঢ়ি গৈ তাবোৰৰ এলোন গছজোপা পাবা। বৈৎএললৈ ঈশ্বৰৰ ওচৰলৈ যোৱা তিনিজন লোকক তুমি তাত পাবা, তাৰে এজনে তিনিটা ছাগলী পোৱালি, আন জনে তিনিটা পিঠা, আৰু আন জনে এক মোট দ্ৰাক্ষাৰস কঢ়িয়াই অনা দেখিবা।
বাৰ্তাবহকসকল চৌলৰ নগৰ গিবিয়ালৈ আহিল। তাতে লোকসকলৰ পৰা যিবোৰ কথা শুনি আহিছিল সেই কথাবোৰ লোকসকলক ক’লে; তেতিয়া লোকসকলে উচ্চস্বৰে কান্দিবলৈ ধৰিলে।
তেতিয়া তেওঁলোকে মিস্পাত গোট খালে আৰু পানী তুলি যিহোৱাৰ আগত ঢালি দিলে। সেই দিনা লঘোন দি সেই ঠাইতে ক’লে, “আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” এইদৰে চমূৱেলে মিস্পাত ইস্ৰায়েলৰ সন্তান সকলৰ বিচাৰ কৰিলে।