বিচাৰ 16:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত তেওঁ ভাইসকলৰ লগতে আদি কৰি সকলো পিতৃ-বংশই নামি আহি, তেওঁক লৈ গৈ চৰা আৰু ইষ্টায়োলৰ মাজ ঠাইত তেওঁৰ পিতৃ মানোহৰ মৈদামত তেওঁকো মৈদাম দিলে। তেওঁ বিশ বছৰ ইস্ৰায়েলৰ বিচাৰ কৰিছিল। |
সেই কালত দানীয়া গোষ্ঠীৰ মাজত চৰা নিবাসী মানোহ নামেৰে এজন মানুহ আছিল; তেওঁৰ পত্নী বাঁজী হোৱা বাবে সন্তান প্ৰসৱ কৰিব নোৱাৰিলে।
প্ৰথমে যিহোৱাৰ আত্মাই চৰা আৰু ইষ্টায়োলৰ মাজ ঠাইত থকা মহনেদানত চিমচোনক কার্য্য কৰিবলৈ সক্রিয় কৰিলে।
এইবুলি কৈ, নিজৰ সকলো বলেৰে তেওঁ ভৰ দিলে; তেতিয়া সেই ঘৰ, তাৰ ভিতৰত থকা অধিপতি আদি সকলো লোকৰ ওপৰত পৰিল; এইদৰে তেওঁ জীৱনৰ কালত বধ কৰা লোকতকৈ মৰণৰ কালত বধ কৰা লোক অধিক হ’ল।