তাৰ পাছত ইফ্ৰয়িমৰ বংশৰ লোকসকলে গোট খাই সৈন্যসকলক মাত দিলে, তাৰ পাছত নদী পাৰহৈ চাফোন চহৰলৈ গৈ যিপ্তহক ক’লে, “কিয় তুমি অম্মোনৰ লগত যুদ্ধ কৰিবলৈ আমাক মতা নাই বা আমাৰ সহায় বিচাৰা নাই? আমি তোমাৰ সৈতে তোমাৰ ঘৰো জুইৰে পুৰিম”।
বিচাৰ 12:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া যিপ্তহে তেওঁলোকক উত্তৰ দি ক’লে, “অম্মোনৰ সন্তান সকলে আমাক নানা সমস্যাত পেলাইছিল সেই বাবে আমি তেওঁলোকৰ লগত যুদ্ধ কৰিছোঁ, মই আৰু মোৰ লোকসকলে তোমালোকৰ সহায় বিচাৰি তোমালোকক মাতিছিলোঁ, কিন্তু তোমালোকৰ কোনো এজনো সহায় কৰিবলৈ আগবাঢ়ি নাহিলা; |
তাৰ পাছত ইফ্ৰয়িমৰ বংশৰ লোকসকলে গোট খাই সৈন্যসকলক মাত দিলে, তাৰ পাছত নদী পাৰহৈ চাফোন চহৰলৈ গৈ যিপ্তহক ক’লে, “কিয় তুমি অম্মোনৰ লগত যুদ্ধ কৰিবলৈ আমাক মতা নাই বা আমাৰ সহায় বিচাৰা নাই? আমি তোমাৰ সৈতে তোমাৰ ঘৰো জুইৰে পুৰিম”।
যেতিয়া দেখিলোঁ তোমালোকে মোক কোনেওঁ সহায় নকৰা, তেতিয়া মই নিজে নদী পাৰ হৈ প্ৰাণ আঁচলৰ আগত বান্ধি লৈ অম্মোনৰ সন্তান সকলৰ বিৰুদ্ধে যুদ্ধত নামি পৰিলো। তাতে যিহোৱাই মোৰ হাতত সিহঁতক সমৰ্পণ কৰিলে; এতেকে তোমালোকে মোৰে সৈতে যুদ্ধ কৰিবলৈ আজি কিয় মোৰ ওচৰলৈ আহিছা?”