বিচাৰ 12:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁৰ পাছত পিৰাথোনীয়া হিল্লোলৰ পুত্ৰ অব্দোন ইস্ৰায়েলৰ বিচাৰকৰ্ত্তা হ’ল। |
তেওঁৰ চল্লিশ জন পুতেক, আৰু ত্ৰিশজন নাতিয়েক আছিল; তেওঁলোকে সত্তৰটা গাধত উঠি ফুৰে; অব্দোনে আঠ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰক আছিল।
পাছত পিৰাথোনীয়া হিল্লোলৰ পুত্ৰ অব্দোনৰ মৃত্যু হোৱাত, অমালেকীয়াসকলৰ পৰ্ব্বতীয়া অঞ্চল ইফ্ৰয়িম দেশৰ পিৰিয়াথোনত তেওঁক মৈদাম দিয়া হ’ল।