তুমি তেওঁৰ আগত এই কথা ক’বা, যিহোৱাই এই কথা কৈছে, ‘তুমি নৰ-বধ কৰি উত্তৰাধীকাৰ লৈছা নে?’ আৰু তুমি তেওঁক ক’বা, যিহোৱাই এই কথা কৈছে, ‘যি ঠাইত কুকুৰবোৰে নাবোতৰ তেজ চেলেকি খালে, সেই ঠাইতে কুকুৰবোৰে তোমাৰো তেজ চেলেকি খাব। হয়, তোমাৰো তেজ চেলেকি খাব’।”
বিচাৰ 1:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাতে অদুনী-বেজকে ক’লে, “মই সত্তৰজন ৰজাৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলাইছিলোঁ। তেওঁলোকে মোৰ মেজৰ তলত পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্রতি যেনে কার্য কৰিলোঁ, ঈশ্বৰেও মোলৈ তেনে কৰিলে।” পাছত তেওঁলোকে অদুনী-বেজকক যিৰূচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ’ল। |
তুমি তেওঁৰ আগত এই কথা ক’বা, যিহোৱাই এই কথা কৈছে, ‘তুমি নৰ-বধ কৰি উত্তৰাধীকাৰ লৈছা নে?’ আৰু তুমি তেওঁক ক’বা, যিহোৱাই এই কথা কৈছে, ‘যি ঠাইত কুকুৰবোৰে নাবোতৰ তেজ চেলেকি খালে, সেই ঠাইতে কুকুৰবোৰে তোমাৰো তেজ চেলেকি খাব। হয়, তোমাৰো তেজ চেলেকি খাব’।”
তুমি সেই মেৰ-ছাগ বধ কৰিবা আৰু তাৰ অলপমান তেজ লৈ, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ সোঁ কাণৰ অগ্রভাগত, তেওঁলোকৰ সোঁ হাতৰ বুঢ়া আঙুলি, আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাবা। তেজৰ বাকী থকা অংশ বেদীৰ ওপৰৰ চাৰিওফালে ছটিয়াই দিবা।
নিজৰ ধ্বংস নোহোৱাকৈ ধ্বংস কৰা যি তুমি! বিশ্বাসঘাতকতা নোহোৱাকৈ বিশ্বাসঘাতকতা কৰা যি তুমি, তোমাৰ সন্তাপ হ’ব! যেতিয়া তুমি ধ্বংস কৰিব এৰিবা তেতিয়া তোমাৰ ধ্বংস হ’ব। যেতিয়া তুমি বিশ্বাস ঘাতকতা কৰিব এৰিবা, তেতিয়া তেওঁলোকে তোমাক বিশ্বাস ঘাতকতা কৰিব।
চোৱা! তোমাৰ উপদ্রৱকাৰীলৈ সেই সময়ত মই যি কৰিব লাগে, তাকে কৰিম; মই সহায়হীন খোৰাক ৰক্ষা কৰিম আৰু খেদি দিয়াত সিচঁৰিত হোৱাসকলক গোটাম; যি যি দেশত তেওঁলোক লজ্জিত হৈছিল, সেই সকলোতে মই তেওঁলোকক প্রশংসা আৰু সুখ্যাতি দান কৰিম।
এনেদৰে তেওঁলোকে বিধানৰ যি প্ৰয়োজনীয় কৰ্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে; আৰু তেওঁলোকৰ বিবেকেও সেই বিষয়ে সাক্ষ্য দি তেওঁলোকৰ মনৰ ভাৱেৰে নিজকে হয়তো অভিযুক্ত বা সমর্থন কৰে,
কিয়নো যিজনে দয়া নকৰে, সোধ-বিচাৰো তেওঁলৈ নিৰ্দয়ী হয়৷ দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে!
কোনোৱে যদি বন্দী অৱস্থাৰ কাৰণে হয়, তেওঁ বন্দী অৱস্থালৈ যাব৷ কোনোৱে যদি তৰোৱালেৰে বধ কৰে, তেৱোঁ তৰোৱালেৰে হত হ’ব লাগিব। ইয়াত পবিত্ৰ লোক সকলৰ ধৈৰ্য আৰু বিশ্বাস আছে।
যিহেতু তেওঁলোকে তোমাৰ পবিত্ৰ লোক আৰু ভাববাদী সকলৰ ৰক্তপাত কৰিলে, সেয়েহে তুমিও তেওঁলোকক পান কৰিবলৈ তেজ দিলা; তেওঁলোক ইয়াৰ যোগ্য৷”
কিন্তু অদুনী-বেজক যেতিয়া পলাই গৈছিল, তেতিয়া তেওঁলোকে পাছে পাছে খেদি গৈ তেওঁক ধৰি তেওঁৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলালে।
ঈশ্বৰে এই কার্য কৰিলে যাতে যিৰুব্বালৰ সত্তৰজন পুত্রলৈ ৰক্তপাতৰ যি অন্যায় কৰা হ’ল, তাৰ দ্বাৰা তেওঁলোকৰ ভায়েক অবীমেলকৰ ওপৰত আৰু তেওঁলোকক বধ কৰা কার্যত তেওঁৰ আৰু তেওঁৰ সহায়কাৰী চিখিমৰ লোকসকলৰ ওপৰত প্রতিশোধ লোৱা হয়।
চিখিমৰ লোকসকলে যি সকলো অন্যায় কৰিছিল, তেওঁলোকৰ নিজৰ মূৰৰ ওপৰত ঈশ্বৰে দণ্ড আনিলে; যিৰুব্বালৰ পুতেক যোথমৰ শাও তেওঁলোকৰ ওপৰত পৰিল।
চমূৱেলে উত্তৰ দি ক’লে, “যিদৰে তোমাৰ তৰোৱালে অনেক মহিলাক সন্তানহীনা কৰিলে, সেইদৰে মহিলাসকলৰ মাজত তোমাৰ মাতৃও সন্তানহীনা হ’ব।” এইদৰে কৈ, চমূৱেলে গিলগলত যিহোৱাৰ সন্মুখত অগাগক ডোখৰ ডোখৰ কৰি কাটিলে।