বিচাৰ 1:35 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ইমোৰীয়াসকলে হেৰচ পর্বত, অয়ালোন আৰু চালবীমত বাস কৰিবলৈ ধৰিলে; কিন্তু যোচেফৰ বংশৰ লোকসকলৰ সৈন্য শক্তিয়ে সেইবোৰ জয় কৰিলে আৰু ইমোৰীয়াসকলক তেওঁলোকৰ দাসৰ কার্য কৰিবলৈ বাধ্য কৰালে। |
যি সন্তান সকল সেই দেশত অৱশিষ্ট থাকিল, যিবোৰক ইস্ৰায়েলৰ সন্তান সকলে নিঃশেষ হোৱাকৈ বিনষ্ট কৰিব নোৱাৰিলে - সিহঁতৰ মাজৰ পৰাই বন্দী কামৰ বাবে ৰজা চলোমনে মানুহ গোটালে, আৰু এই লোকসকলে আজিলৈকে তাকেই কৰি আছে।
তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক ইমোৰীয়া সকলৰ ওপৰত জয়ী হ’বলৈ দিলে৷ সেইদিনা যিহোচূৱাই ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাক ক’লে, “হে সূৰ্য, তুমি গিবিয়োনৰ ওপৰত স্থিৰ হোৱা, আৰু হে চন্দ্ৰ, তুমি অয়ালোনৰ উপত্যকাৰ ওপৰত স্থিৰ হোৱা৷”
ইমোৰীয়াসকলে দানৰ বংশধৰসকলক পাহাৰীয়া এলেকাতে আটক কৰি বসতি কৰিবলৈ বাধ্য কৰালে; তেওঁলোকক সমতল ভূমিলৈ নামি আহিব নিদিলে।