তেতিয়া ৰজাই যোৱাব, অবীচয় আৰু ইত্তয়ক আজ্ঞা দি ক’লে, “তোমালোকে মোলৈ চাই, সেই ডেকা যোৱবক অবচালোমৰ প্ৰতি বিনীত ভাৱে ব্যৱহাৰ কৰিবা।” অবচালোমৰ বিষয়ে সেনাপতিসকলক ৰজাই এই আজ্ঞা দিয়া সময়ত সকলো লোকে সেই কথা শুনিলে।
ফিলীমন 1:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মোৰ বন্দী অৱস্থাত জন্মা পুত্র ওনীচিমৰ প্রসংগত মই তোমাক অনুৰোধ কৰোঁ; |
তেতিয়া ৰজাই যোৱাব, অবীচয় আৰু ইত্তয়ক আজ্ঞা দি ক’লে, “তোমালোকে মোলৈ চাই, সেই ডেকা যোৱবক অবচালোমৰ প্ৰতি বিনীত ভাৱে ব্যৱহাৰ কৰিবা।” অবচালোমৰ বিষয়ে সেনাপতিসকলক ৰজাই এই আজ্ঞা দিয়া সময়ত সকলো লোকে সেই কথা শুনিলে।
তেতিয়া লোক সকলৰ মাজৰ পৰা এজন লোকে তেওঁক উত্তৰ দিলে, “হে গুৰু, মই আপোনাৰ ওচৰলৈ মোৰ পুত্ৰক আনিলো; অশুচি আত্মাই তাৰ তাত প্ৰৱেশ কৰি তাক কথা কবলৈ বাধা কৰে৷
এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা।
মই আপোনালোকলৈ যে এইবোৰ কথা লিখি লাজ দিছোঁ, এনে নহয়; কিন্তু মোৰ প্ৰিয় সন্তান বুলি চেতনাহে দিছোঁ।
কিয়নো খ্ৰীষ্টত যদিও আপোনালোকৰ দহ হাজাৰ গুৰু থাকিব পাৰে, কিন্তু পিতৃ অনেক নাই; কাৰণ খ্রীষ্ট যীচুত শুভবাৰ্তাৰ দ্বাৰা ময়েই আপোনালোকৰ পিতৃ স্বৰূপ হ’লো।
হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকৰ কাৰণে পুনৰ এবাৰ প্ৰসৱ যন্ত্ৰণা ভোগ কৰিছোঁ; যেতিয়ালৈকে আপোনালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয়, তেতিয়ালৈকে ভোগ কৰি আছোঁ৷
আৰু তেওঁৰ লগত ওনীচিমক, যি জন আপোনালোকৰে বিশ্বাসী আৰু প্ৰিয় ভাই, তেওঁকো পঠিয়ালোঁ; তেওঁলোকে ইয়াৰ সকলো কথা আপোনালোকক জনাব।
বিশ্বাসী হিচাবে মোৰ এজন প্ৰকৃত পুত্ৰ তীমথিয়ৰ সমীপলৈ, পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি হওক।
সাধৰণ বিশ্বাসৰ দৰে যথার্থ পুত্ৰ তীতৰ সমীপলৈ। পিতৃ ঈশ্বৰ আৰু আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক।
শুভবাৰ্তাৰ কাৰণে হোৱা মোৰ বন্ধনত, তোমাৰ সলনি তেওঁ যেন মোৰ পৰিচৰ্যা কৰে, এই কাৰণে মই তেওঁক লগত ৰাখিব খুজিছিলোঁ৷
মোৰ সন্তান সকল সত্যত চলাৰ বাৰ্তা শুনিলে যি আনন্দ জন্মে, সেই বিষয়তকৈ অধিক আনন্দ মোৰ আন ক’ত নাই।