কাৰণ তেওঁ মৰমীয়াল হৰিণী আৰু লাবন্যময়ী মৃগ, তেওঁৰ স্তনৰ দ্বাৰাই সকলো সময়ত তুমি তৃপ্ত হোৱা, আৰু তেওঁৰ প্ৰেমতেই সদায় মত্ত থাকা।
পৰম 4:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমাৰ স্তন দুটা লিলি ফুলৰ বনত চৰি ফুৰা কৃষ্ণসাৰৰ যমজ পোৱালীৰ নিচিনা। |
কাৰণ তেওঁ মৰমীয়াল হৰিণী আৰু লাবন্যময়ী মৃগ, তেওঁৰ স্তনৰ দ্বাৰাই সকলো সময়ত তুমি তৃপ্ত হোৱা, আৰু তেওঁৰ প্ৰেমতেই সদায় মত্ত থাকা।
মোৰ ওচৰত মোৰ প্রিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে, যি মোৰ স্তনযুগলৰ মাজত গোটেই ৰাতি থাকে।
মোৰ প্ৰিয়তম তেওঁৰ উদ্যানলৈ নামি গৈছে, সুগন্ধি মছলাৰ দলিচাখনলৈ; তেওঁ উদ্যানত ঘূৰি ফুৰিবলৈ, আৰু লিলি ফুল গোটাবলৈ গৈছে।
মই মোৰ প্ৰিয়ৰ, আৰু মোৰ প্ৰিয়ও মোৰেই; তেওঁ লিলি ফুলৰ বনত আনন্দেৰে চৰে। চলোমন আৰু তেওঁৰ কইনাই পৰস্পৰত আনন্দিত হোৱা প্রিয়ৰ কথা:
হাতী-দাঁতৰ ওখ স্তম্ভৰ নিচিনা তোমাৰ ডিঙিৰ গঠণ; তোমাৰ নয়ন দুটি, হিচবোনত বৎ–ৰব্বীম দুৱাৰৰ ওচৰত থকা পুখুৰীৰ নিচিনা; তোমাৰ নাক লিবানোনৰ স্তম্ভৰ নিচিনা, যেন দম্মেচকলৈ যি দম্মেচকৰ মুখ কৰি থকা লিবানোনৰ স্তম্ভ।
অহ! তুমি মোৰ ভাইৰ নিচিনা হোৱা হ’লে, যি জনে মোৰ মাতৃৰ স্তন পান কৰিছে! তেতিয়া মই তোমাক বাহিৰত দেখা পালেও, তোমাক চুমা খাব পাৰিলোহেঁতেন; কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন।
নতুনকৈ জন্ম হোৱা শিশু সকলৰ দৰে, মিহলি নোহোৱা শুদ্ধ আত্মিক গাখীৰলৈ অতিশয় হাবিয়াহ কৰক, আৰু তাৰ দ্বাৰাই পৰিত্রাণৰ অৰ্থে আপোনালোকে বৃদ্ধি হওক,