তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে? তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা?
প্ৰকাশিত বাক্য 19:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত বৃহৎ এদল মানুহৰ মাতৰ নিচিনা, নিনাদিত কৰা পানীৰ মাতৰ নিচিনা আৰু ঘোৰ মেঘ-গৰ্জ্জনৰ মাতৰ দৰে এই বাণী শুনিলোঁ, “হাল্লিলুয়া! কিয়নো যি জন প্ৰভু আৰু পৰমেশ্বৰ, আমাৰ সকলোৰে শাসনকর্তা জনে, ৰাজত্ব গ্ৰহণ কৰিছে। |
তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে? তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা?
কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা; তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা।
বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল; তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে।
যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত; যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে; জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।
যিহোৱাই ৰজা; জাতি সমূহ কম্পিত হওঁক। তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে; পৃথিৱী কঁপি উঠক।
যিজন বার্তাবাহকে শুভবাৰ্ত্তা আনে, যিজনে শান্তি প্ৰচাৰ কৰে, যিজনে মঙ্গলৰ শুভবাৰ্ত্তা আনে, যিজনে পৰিত্ৰাণ ঘোষণা কৰে, যিজনে চিয়োনক কয়, “তোমালোকৰ ঈশ্বৰে ৰাজত্ব কৰিছে!” সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত কেনে সুন্দৰ!
তেতিয়া আকাশ-মণ্ডল আৰু পৃথিৱী, আৰু সেইবোৰত থকা সকলোৱে বাবিলৰ ওপৰত আনন্দ গান কৰিব; কিয়নো যিহোৱাই কৈছে, বিনাশকবোৰ উত্তৰৰ পৰা তাৰ গুৰিলৈ আহিব।
তেওঁলোক যোৱা সময়ত মহাজলৰ শব্দৰ নিচিনা, সৰ্ব্বশক্তিমান জনাৰ ধ্বনিৰ দৰে মই তেওঁলোকৰ ডেউকাৰ শব্দ শুনিলোঁ, সৈন্য-সামন্তৰ ধ্বনিৰ দৰে কোলাহলৰ শব্দ শুনিলোঁ; তেওঁলোক ৰৈ যোৱা সময়ত তেওঁলোকে নিজ নিজ ডেউকা চপায়।
আৰু চোৱা! পূৱফালৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আহিল; তেওঁৰ ধ্বনি বহু জল সমূহৰ শব্দৰ দৰে আৰু পৃথিৱী তেওঁৰ গৌৰৱেৰে উজ্জ্বল হ’ল!
তেওঁৰ চৰণ চক্চকীয়া পিতলৰ নিচিনা, একেবাৰে অগ্নিশালত মসৃণ কৰা পিতলৰ নিচিনা আৰু তেওঁৰ কণ্ঠ, ক্ষিপ্র গতিত বাগৰি থকা পানীৰ নিচিনা আছিল।
প্ৰভু পৰমেশ্বৰে কৈছে - “মই আলফা আৰু ওমেগা”, “যি জন আছে, যি জন আছিল আৰু যি জন আহিব, সেই সৰ্বশক্তিমান৷”
তেতিয়া মই স্বৰ্গত বৰ মাতেৰে কোৱা এই বাণী শুনিলোঁ: “এতিয়া পৰিত্রাণ, শক্তি - আৰু ৰাজ্য, আমাৰ ঈশ্বৰৰ আৰু অধিকাৰ তেওঁৰ অভিষিক্ত জনৰ অৰ্থাৎ খ্ৰীষ্টৰ হ’ল৷ কিয়নো আমাৰ ভাই সকলৰ যি অপবাদকে দিনে-ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁলোকৰ অপবাদ দিয়ে, তাক পেলোৱা হ’ল।
মই স্বৰ্গৰ পৰা এটা মাত শুনিলো, সেই মাত অগাধ জলৰ দৰে আৰু প্ৰৱল মেঘ-গৰ্জ্জনৰ শব্দৰ নিচিনা আছিল৷ মই শুনা সেই মাত, বীণা বজাওঁতা সকলে নিজ নিজ বীণাত বজোৱা মাতৰ নিচিনাও আছিল৷
এইবোৰ ঘটনা ঘটাৰ পাছত, মই স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি শুনিলোঁ, বোলে, “হাল্লিলুয়া৷ পৰিত্রাণ, মহিমা আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ৷
পাছত সেই চৌবিশ জন পৰিচাৰক আৰু চাৰি জীৱিত প্ৰাণীয়ে সিংহাসনত বহি থকা ঈশ্ৱৰক দণ্ডৱতে আৰাধনা কৰিলে৷ তেওঁলোকে কলে, “আমেন৷ হাল্লিলুয়া!”
তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ, কিয়নো সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেৰ-পোৱালি জনে তাৰ মন্দিৰ।
সেই সিংহাসনৰ পৰা বিজুলীৰ দৰে মাত আৰু মেঘ-গৰ্জ্জন ওলাইছিল; সেই সিংহাসনৰ আগত জ্বলি থকা অগ্নিৰ সাতোটা প্ৰদীপ আছিল, আৰু সেইবোৰেই আছিল ঈশ্বৰৰ সাত আত্মা৷
পাছত মই সেই মেৰ-পোৱালি জনে সাতোটা ছাব মেলা দেখিলোঁ আৰু তেতিয়া সেই চাৰি জীৱিত প্ৰাণীৰ কোনো এটাই মেঘৰ নিচিনা গৰজি উঠা মাতেৰে কোৱা শুনিলোঁ, “আহা”!
পাছে দূতে ধূপবাতি লৈ, তাত বেদিৰ পৰা জুই ভৰাই ললে৷ তেতিয়া তেওঁ এইবোৰ পৃথিৱীলৈ পেলাই দিলে, তাতে মেঘ-গৰ্জ্জন, গাজনি, বিজুলী আৰু ভুমিকম্প হ’ল।