লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা; কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।”
প্ৰকাশিত বাক্য 19:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁ জাতি সকলক আঘাত কৰিবলৈ তেওঁৰ মুখৰ পৰা এখন চোকা তৰোৱাল ওলায় আৰু তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক শাসন কৰিব; আৰু সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ পেৰাশাল তেৱেঁই গচকে। |
লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা; কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।”
তাৰপৰিৱৰ্তে তেওঁ ধাৰ্মিকতাৰে দৰিদ্ৰসকলৰ বিচাৰ কৰিব, আৰু ন্যায়েৰে পৃথিৱীৰ নম্ৰ লোকসকলৰ বাবে সিদ্ধান্ত ল’ব। তেওঁ নিজৰ মুখৰ শাসন দণ্ডৰে পৃথীবীক প্ৰহাৰ কৰিব, আৰু নিজৰ ওঁঠৰ ফুৰে দুষ্টক সংহাৰ কৰিব।
কাৰণ জলন্ত ঠাই এখন পূৰ্বৰে পৰা তৈয়াৰ কৰা আছে। বাস্তৱিকতে এইটো ৰজাৰ বাবে প্রস্তুত; আৰু ঈশ্বৰে তাক দ আৰু বহল কৰিলে। জুই আৰু অধিক খৰিৰে স্তূপ প্রস্তুত আছে। গন্ধক প্রবাহিত হোৱাৰ দৰে যিহোৱাৰ নিঃশ্বাসে ইয়াক জ্বলাব।
তোমালোকে কাঁচি লগোৱা, কিয়নো শস্য পকিল। আহাঁ দ্ৰাক্ষাকুণ্ড গচকা, কিয়নো দ্ৰাক্ষাকুণ্ড পৰিপূৰ্ণ হৈছে, আৰু ৰসৰ আধাৰবোৰ উপচি পৰিছে, কিয়নো তেওঁলোকৰ দুষ্টতা অধিক।”
তেওঁ পিতৃসকলৰ হৃদয় সন্তান সকলৰ প্রতি আৰু সন্তান সকলৰ হৃদয় পিতৃসকললৈ ঘূৰাব যাতে মই আহি পৃথিৱীক অভিশাপেৰে আঘাত নকৰিম।”
তাৰ পাছত সেই অবাধ্যতাৰ পুৰুষ জন প্ৰকাশিত হ’ব আৰু প্ৰভু যীচুৱে নিজৰ মুখৰ নিশ্বাসৰ দ্বাৰাই তাক ধ্বংস কৰিব আৰু তেওঁৰ আগমণৰ আবিৰ্ভাৱৰ দ্বাৰাই তাক শেষ কৰিব।
তেওঁৰ সোঁ হাতত সাতোটা তৰা আছিল; তেওঁৰ মুখৰ পৰা দুধৰীয়া চোকা তৰোৱাল এখন ওলাইছিল৷ তেওঁৰ মুখ মণ্ডল জিলিকি আছিল, একেবাৰে সূর্যৰ পৰা নির্গত হোৱা পোহৰৰ দৰে শক্তিশালী আছিল।
পাছত সেই তিৰোতাই এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে, তেওঁ লোহাৰ দণ্ডেৰে সকলো জাতিক শাসন কৰিব৷ সেই পুত্ৰক ঈশ্বৰৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ তুলি নিয়া হ’ল;
তেনেহলে ঈশ্বৰৰ কোপৰ পান-পাত্ৰত যি ক্ৰোধৰূপ দ্ৰাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে, তাক তেওঁ পান কৰিব লাগিব৷ যি ব্যক্তিয়ে সেই পান কৰিব, তেওঁ পবিত্ৰ স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সাক্ষাতে আৰু সেই মেৰ-পোৱালিৰ সাক্ষাতে জুই আৰু গন্ধকত যাতনা পাব৷
আৰু অৱশিষ্ট সকলক সেই ঘোঁৰাত উঠা জনৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই বধ কৰা হ’ল; আৰু সকলো চৰাইবোৰ সিহঁতৰ মঙহেৰে তৃপ্ত হ’ল।
পৰ্গামত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনৰ দুধৰীয়া চোকা তৰোৱাল আছে, তেওঁ এই কথা কয়,
এতেকে মন-পালটন কৰা, যদি নকৰা; মই তোমাৰ ওচৰত আহিবলৈ পলম নকৰিম আৰু তোমালোকৰ বিৰুদ্ধে মই মুখৰ পৰা ওলোৱা তৰোৱালেৰে যুদ্ধ কৰিম।
তাতে কুমাৰৰ পাত্ৰ যেনেকৈ ডোখৰ ডোখৰ হয়, তেনেকৈ তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক ভাঙি টুকুৰা-টুকুৰ কৰিব৷