প্ৰকাশিত বাক্য 18:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বীণা বজোৱা, গায়ন-বায়ন, বাঁহীবাদক আৰু কালি বজোৱা সকলৰ মাত তোমাৰ মাজত আৰু কেতিয়াও শুনা নাযাব৷ আৰু কোনো প্ৰকাৰ শিল্পকাৰী লোক তোমাৰ মাজত কেতিয়াও পোৱা নাযাব৷ জাঁত-ঘৰৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব; |
সেইসময়ত বাটৰ ফালৰ দুৱাৰ বন্ধ হ’ব, জাঁত পিহাৰ শব্দও বন্ধ হৈ যাব, এটি চৰাইৰ মাততে মানুহ চমকি সাৰ পাব, গায়িকাসকলৰ কণ্ঠৰ সুৰ কমি যাব।
তেওঁ ক’লে, “চীদোনৰ নিৰ্যাতিতা কুমাৰী জীয়াৰী, তুমি আৰু উল্লাস নকৰিবা, উঠা, কিত্তীমলৈ পাৰ হৈ যোৱা; কিন্তু তাতো তুমি জিৰণি নাপাবা।
কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “চোৱা, মই তোমালোকৰ চকুৰ আগতে আৰু তোমালোকৰ দিনতে এই ঠাইৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, আৰু দৰা-কন্যাৰ ধ্বনি লুপ্ত কৰিম।
ইয়াৰ বাহিৰে মই এওঁলোকৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, দৰা-কন্যাৰ ধ্বনি, জাঁতৰ শব্দ আৰু চাকিৰ পোহৰ নাইকিয়া কৰিম।
আকৌ আনন্দৰ ধ্বনি, উল্লাসৰ ধ্বনি, দৰা-কন্যা ধ্বনি আৰু “বাহিনীসকলৰ যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো যিহোৱা মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে,” এই বুলি কোৱাসকলৰ ধ্বনি, আৰু যিহোৱাৰ গৃহলৈ ধন্যবাদাৰ্থক বলি অনাসকলৰ ধ্বনি পুনৰায় শুনা যাব। কিয়নো, মই এই দেশৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰি আগৰ দৰে কৰিম। কিয়নো যিহোৱাই এই কথা কৈছে।
তেতিয়া মই যিহূদাৰ নগৰবোৰৰ পৰা আৰু যিৰূচালেমৰ আলিবোৰৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি আৰু দৰা-কন্যাৰ ধ্বনি লুপ্ত কৰিম; কিয়নো এই দেশ উচ্ছন্ন ঠাই হ’ব।’
তাৰ পাছত যীচু সেই শাসনকৰ্তাৰ ঘৰলৈ গ’ল। তাত তেওঁ বাঁহীবাদক সকলক দেখিলে আৰু লোক সকলে হুলস্থুল কৰি থকা দেখা পালে।