হে ঈশ্বৰ, মই তোমাৰ উদ্দেশ্যে নতুন গীত গাম; দহ-তাৰযুক্ত নেবল বাদ্যৰে মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
প্ৰকাশিত বাক্য 14:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে সেই সিংহাসনৰ সন্মূখত থকা সেই চাৰি প্ৰাণী আৰু পৰিচাৰক সকলৰ আগত এটা নতুন গীত গালে; পৃথিৱীৰ পৰা কিনি লোৱা এই এক লাখ চৌৱাল্লিশ হাজাৰ লোকৰ বাহিৰে আন কোনোৱে সেই গীত শিকিব নোৱাৰিলে। |
হে ঈশ্বৰ, মই তোমাৰ উদ্দেশ্যে নতুন গীত গাম; দহ-তাৰযুক্ত নেবল বাদ্যৰে মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা, ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা,
যি সকলে যিহোৱালৈ ভয় ৰাখে, যিহোৱাই তেওঁলোকৰ লগত বন্ধুত্ব কৰে; আৰু তেওঁ স্থাপন কৰা বিধিবোৰ তেওঁলোকক জনায়।
তেওঁ মোৰ মুখত এটি নতুন গীত দিলে, আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্রশংসাৰ গীত দিলে; অনেক লোকে তাকে দেখি ভয় খাব আৰু তেওঁলোকে যিহোৱাত ভাৰসা কৰিব।
তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; হে সমগ্র পৃথিৱীৰ লোক, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা।
তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা; কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে; তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে আমাক জয়ী কৰিলে।
হে সমুদ্ৰৰ ভিতৰত থকাসকল আৰু তাত থকা সকলোবোৰ, হে দ্বীপবোৰ আৰু তাৰ নিবাসীসকল তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা, আৰু পৃথিৱীৰ সীমাৰ পৰা তেওঁৰ প্ৰশংসাৰ গান কৰা।
বিনাশৰ পথত চলা লোক সকললৈ ক্ৰুচৰ শিক্ষা মূর্খতা। কিন্তু ঈশ্বৰে পৰিত্ৰাণ কৰা যি আমি, আমালৈ ই ঈশ্বৰৰ শক্তিস্বৰূপ।
কিন্তু যি সকলৰ ভিতৰত ঈশ্বৰৰ আত্মা নাই, তেওঁলোকে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে; কিয়নো তেওঁৰ মানত সেইবোৰ মূৰ্খতা। তেওঁ সেই কথাৰ তত্বও পাব নোৱাৰে। কিয়নো সেই বিষয়বোৰ মাত্র আত্মিকৰূপেহে বিচাৰ কৰা হয়।
তাৰ পাছত মই চাই দেখিলোঁ, সেই মেৰ-পোৱালি চিয়োন পৰ্বতৰ ওপৰত থিয় হৈ আছিল৷ তেওঁৰ সৈতে এক লাখ চৌৱাল্লিশ হাজাৰ লোক আছিল; তেওঁলোকৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল।
সেই লোক সকলে ঈশ্বৰৰ দাস, মোচিৰ গীত আৰু সেই মেৰ-পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে চিৰস্থায়ী ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷
যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁক মই গুপুত মান্না দিম; আৰু এটি বগা শিলো তেওঁক দিম; সেই শিলৰ ওপৰত এটি নতুন নাম লিখা আছে, গ্ৰহণ কৰা জনৰ বিনে আন কোনেও সেই নাম নাজানে”।
আৰু তেখেত সকলে এটি নতুন গীত গালে: “নুৰাটো ল’বলৈ আৰু তাৰ ছাব মেলিবলৈ আপুনি যোগ্য৷ কিয়নো আপুনি হত হ’ল আৰু আপোনাৰ তেজৰ সৈতে আপুনি ঈশ্বৰৰ কাৰণে সেই সকলো জাতিবোৰৰ মাজৰ পৰা প্ৰতিটো ফৈদ, ভাষা, মানুহ আৰু জাতিক কিনিলে ৷
পাছত সেই ছাব মৰা সকলৰ সংখ্যা শুনিলো: ইস্ৰায়েলৰ সকলো ফৈদৰ মুঠে এক লাখ চৌৱাল্লিশ হাজাৰ ছাব মৰা হ’ল: